নিউজ ডেস্কঃ পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠনৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোত অৰ্থাৎ শনিবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি ঘোষণা কৰে যে ৰাজ্যখনৰ প্ৰতিখন ঘৰতে ১ জুলাইৰ পৰা ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ’ব।
এই ঘোষণাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – ‘আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বহু লোক সুখী হৈছে এই ঘোষণাৰ পাছত। মোক বহু লোকে ফোন কৰিছে। আমি যি কওঁ, সেইটোৱে কৰি দেখুৱাওঁ। আজি প্ৰথমটো প্ৰতিশ্ৰুতি পূৰণ কৰিলো, আৰু বাকী আছে।’
‘বহুতে বিশ্বাস কৰিব পৰা নাই যে, এনেকুৱাব কৰিব পাৰি। কাৰণ ৰাজনৈতিক দলবোৰে নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাম নকৰে। আমি তেনেকুৱা নহয়। আমি কৰি দেখুৱালো। মই আশা কৰিছিলো যে বিৰোধীয়ে আমাৰ এই সিদ্ধান্তক আদৰণি জনাব, কিন্তু তেওঁলোকে ইয়াৰ বিৰোধিতাহে কৰিবলৈ আৰম্ভ কৰিছে। আমি শিক্ষিত আৰু সৎ…’- সংবাদমেলত লগতে এনেদৰেও ক’লে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।