নিউজ ডেস্কঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ এতিয়া প্ৰায় এবছৰ সম্পূৰ্ণ হোৱা দিশে। তাৰ পূৰ্বে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ইউক্রেইনৰ পৰা ৰুছ সেনাৰ প্ৰত্যাহাৰৰ বাবে ভোটগ্ৰহণ কৰা হয়। ভোটগ্ৰহণত বিশ্বৰ সৰু ডাঙৰ ১৪১ খন ৰাষ্ট্ৰই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰে।

ইফালে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়ে ৭ খন দেশে। ৰাছিয়াকে ধৰি বেলাৰুছ, উত্তৰ কোৰিয়া, চিৰিয়া, ইৰিট্ৰিয়া, মালি আৰু নিকাৰাগুয়াই পত্যক্ষ ভাৱে ৰুছক সমৰ্থন কৰে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱত ভাৰতকে ধৰি মুঠ ৩২ খন দেশে ভোটদানৰ পৰা বিৰত থাকে। চীন, বাংলাদেশ, পাকিস্তান, ইৰাণ, শ্ৰীলংকাও পৰোক্ষভাৱে ৰাছিয়াৰ পক্ষত থাকি ভোটদানৰ পৰা বিৰত থাকে।

ৰাষ্ট্ৰসংঘত ভাৰতক প্রতিনিধিত্ব কৰা ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজে ভোটদান প্ৰক্ৰিয়াৰ পিচত কয় যে, ভাৰত ইউক্ৰেইনৰ পৰিস্থিতক লৈ উদ্বিগ্ন। লগতে, আলোচনা আৰু কুটনৈতিকভাৱে সমস্যাৰ সমাধানত ভাৰত বিশ্বাসী বুলি ৰাষ্ট্ৰদূতজনে কয়।

দীৰ্ঘস্থায়ী শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই যি প্ৰস্তাৱ আগবঢ়াইছে সেয়াক লৈ ভাৰতৰ কিছু সীমাবদ্ধতা থকাৰ বাবে ভোটদানৰ পৰা বিৰত থাকে বুলি যুক্তি দিবলৈ কম্বোজে প্ৰয়াস কৰে।

ইফালে, চীনে পুনৰ বাৰ ৰাষ্ট্ৰসংঘক শান্তিৰ প্ৰতিষ্ঠাৰ বাবে নতুনকৈ আলোচনা আৰম্ভ কৰাৰ আহ্বান জনায় লগতে ৰাছিয়া আৰু ইউক্রেইনৰ সংঘাতৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ উচিত নহ’ব বুলি স্পষ্ট কৰি কয়।

বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগতে ইউক্ৰেইনও ভাৰতৰ ভূমিকাত হতাশ হ’লেও, ভৱিষ্যতে ভাৰতৰ পৰা সঁহাৰি পোৱাৰ আশাবাদী বুলি জনাই ইউক্রেইনৰ প্ৰতিনিধি আইভান কনোলভে ।

উল্লেখনীয় যে 2022 ৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্রেইনত আক্ৰমণ আৰম্ভ কৰা এতিয়াও অব্যাহত আছে। যাৰবাবে ইউক্রেইনত এতিয়া বিস্তৰ ক্ষতি কৰাৰ লগতে ডনবাছকে ধৰি বিস্তৰ এলেকা দখল কৰি লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply