নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। ক’ভিডৰ শক্তি কিছু হ্ৰাস পাইছে যদিও এতিয়াও প্ৰতিদিনে বহু লোক নতুনকৈ আক্রান্ত হৈ আছে। এতিয়াও দেশত প্ৰতিদিনে প্ৰায় ৪০ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ইয়াৰ মাজতে যোৱা ২৪ ঘণ্টাত দেশত ৩৫ হাজাৰতকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।
৬ দিন পিছত দেশত ২৪ ঘন্টাৰ ভিতৰত ৩৫ হাজাৰতকৈ কাম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ইয়াৰ পূৰ্বে যোৱা ৯ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ২৮ হাজাৰ ২৮ জন লোক। পাঁচ মাহ পিছত ৯ আগষ্টত দেশত ২৪ ঘণ্টাৰ ভিতৰত ইমান কম সংখ্যক লোক ক’ভিডত আক্রান্ত হৈছিল যদিও ইয়াৰ পিছত পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৩৫ হাজাৰৰ তলত নামিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৩২ হাজাৰ ৯৩৭ জন লোক। উল্লেখ্য যে এদিন পূৰ্বেও দেশত ক’ভিডত নতুনকৈ ৩৬ হাজাৰ ৮৩ জন লোক আক্রান্ত হৈছিল। দেশত আক্রান্তৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও পাঁচশৰ তললৈ নামিছে। দেশত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৪১৭ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে দেশত যোৱা ২৪ ঘণ্টাতত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৫ হাজাৰ ৯০৯ জন লোক।
লগতে পঢ়ক : কংগ্ৰেছত দল ত্যাগৰ ধুমুহা! এইবাৰ পদত্যাগ প্ৰাক্তন সাংসদ সুস্মিতা দেবৰ
দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩ হাজাৰ ৩৮৯ জন অধিক। যোৱা ২৪ ঘণ্টাত দেশৰ ভিতৰত সৰ্বাধিক লোক আক্রান্ত হৈছে কেৰেলাত। কেৰেলাত যোৱা ২৪ ঘণ্টাত ১৮ হাজাৰ ৫৮২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। দেশত মুঠ ক’ভিড আক্রান্তৰ সংখ্যা ৪ লাখৰ তললৈ নামিছে। দেশত বৰ্তমানেও ৩ লাখ ৮১ হাজাৰ ৯৪৭ জন লোক ক’ভিডত আক্রান্ত হৈ আছে।