নিউজ ডেস্ক : ভাৰতত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিব ধৰিছে ক’ভিড সংক্ৰমণৰ হাৰ। পূৰ্বৰ তুলনাত দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও মাজে মাজে আক্রান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে ইয়াৰ মাজতো দেশত প্ৰতিদিনে নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তলত আছে।
শনিবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক’ভিডত ৩৫ হাজাৰৰ তলত লোক আক্রান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩৪ হাজাৰ ৪৫৭ জন লোক। ইয়াৰ বিপৰীতে মৃত্যুৰ মুখত পৰিছে ৩৭৫ জন ক’ভিড ৰোগী।
দেশত বর্তমান ক’ভিডত আক্রান্ত হৈ থকা লোকৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমান দেশত ৩ লাখ ৬১ হাজাৰ ৩৪০ জন লোক ক’ভিডত আক্রান্ত হৈ আছে। ১৫১ দিন পিছত দেশত আক্রান্ত হৈ থকা লোকৰ সংখ্যা ইমান তললৈ নামিছে। আনহাতে ১১ দিন পিছত দেশত যোৱা ২৪ ঘন্টাত ৩৭৫ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। ১১ দিনে পিছত মৃতকৰ সংখ্যা ইমান তললৈ নামিছে।
লগতে পঢ়ক : মেঘালয়ত অসম অভিমুখী গাড়ীৰ পৰা বিস্ফোৰক জব্দ; এজনক গ্ৰেপ্তাৰ
দেশত ক’ভিডত আক্রান্ত হৈ বৰ্তমানলৈকে ৪.৩৩ লাখ লোকে প্ৰাণ হেৰুৱাইছে। ইফালে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে দেশৰ ৮ খনকৈ ৰাজ্যৰ সম্পূৰ্ণ লক ডাউনৰ দৰে পৰিৱেশ ৰখা হৈছে। এই ৰাজ্য সমূহৰ ভিতৰত আছে পশ্চিম বংগ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা, তামিলনাডু, মিজোৰাম, গোৱা আৰু পণ্ডেচেৰী।