নিউজ ডেক্স : ভাৰতত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। প্ৰতিদিনে ভাৰতত হাজাৰ হাজাৰ লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ লগতে বহু ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰি আছে। ভাৰতত কেতিয়াবা যদি ২৪ ঘণ্টাৰ ভিতৰৰ আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ অধিক হয়, কেতিয়াবা আকৌ এই সংখ্যা হ্ৰাস পাই ৪০ হাজাৰৰ তললৈ নামে।

যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে। ছেপ্টেম্বৰ মাহত চতুৰ্থ বাৰৰ বাবে ভাৰতত ২৪ ঘণ্টাৰ ভিতৰৰ আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ তলত নামিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে পুৱাৰ ভাগত জাৰি কৰিছে এই তথ্য।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৪ হাজাৰ ৯৭৬ জন লোক নতুনকৈ কভিডত আক্রান্ত হৈছে। ছেপ্টেম্বৰ মাহত ভাৰতত চতুৰ্থ বাৰৰ বাবে ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তলত নামিছে যদিও এতিয়াও প্ৰতিদিনৰ ৩০ ৰ পৰা ৪০ হাজাৰ লোক নতুনকৈ আক্রান্ত হৈ আছে।

লগতে পঢ়ক : অৱশেষত ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত ফৰ্ড মটৰছৰ

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। ক’ভিডক পৰাস্ত কৰি ভাৰতত যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৭ হাজাৰ ৬৮১ জন লোক। ২৪ ঘণ্টাত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ২ হাজাৰ ৯৬৮ জন অধিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply