নিউজ ডেস্ক : যোৱা ২৪ ঘণ্টাত দেশত কিছু নিয়ন্ত্ৰণলৈ আহিছে ক’ভিডৰ তাণ্ডৱ। ক’ভিডত নতুনকৈ আক্রান্ত লোকৰ সংখ্যা তিনি লক্ষাধিকৰ অধিক যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা যোৱা ২৪ ঘণ্টাত হ্ৰাস পাইছে। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও বিপদ এতিয়াও পূৰ্বৰ অৱস্থাতে আছে।

যোৱা এপ্ৰিল মাহৰ পৰাই বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱৰ সৃষ্টি কৰিছে। ক’ভিডৰ প্ৰথমটো ঢৌৰ তুলনাত দ্বিতীয়টো ঢৌৱে ভাৰতত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিগত কিছুদিন ধৰি ভাৰতত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ লগতে প্ৰতিদিনে ৪ হাজাৰতকৈও অধিক লোকৰ মৃত্যু ঘটিছে।

ক’ভিডৰ এই সংহাৰৰ মাজতে যোৱা ২৪ ঘণ্টাত দেশত কিছু নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩ লাখ ৪২ হাজাৰ ৮৯৬ জন লোক। ইয়াৰ পৰিবৰ্তে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে যোৱা ২৪ ঘণ্টাত। মৃত্যুৰ সংখ্যা ৪ হাজাৰতকৈ তললৈ নামি ৩৯৯৭ হৈছে।

লগতে পঢ়ক : আজিৰ দিনটোত ৰাজ্যত কোৰোনাত মৃত্যু হ’ল ৭৬ জনৰ

ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত ৮ হাজাৰ ৫০৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃত্যুৰ মুখত পৰিছে ২৮৯ জন লোক। উত্তৰ প্ৰদেশৰ পৰিস্থিতিও নিয়ন্ত্ৰণলৈ অহাত ২৪ ঘণ্টাত ১৫ হাজাৰ ৭৪৭ জন লোক নতুনকৈ আক্রান্ত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে ৩১২ জন লোক। ইফালে মহাৰাষ্ট্ৰত নতুনকৈ আক্রান্ত হৈছে ৩৯ হাজাৰ ৯২৩ জন লোক আৰু মৃত্যু ঘটিছে ৬৯৫ জন ক’ভিড ৰোগীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply