নিউজ ডেস্ক : দেশত অপৰিৱৰ্তিত হৈ আছে কভিডৰ ভয়াবহ পৰিস্থিতি। প্ৰতিদিনে দেশত লক্ষাধিক লোক আক্রান্ত হৈছে কিভিড মহামাৰীত। শনিবাৰে পুনৰ দেশত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰে। শনিবাৰে দেশত নতুনকৈ কভিডত আক্রান্ত হয় ৩,৪৬,৭৮৬ জন লোক। ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ২,৬২৪ জনকৈ লোক।
কভিডৰ দ্বিতীয় ঢৌ দেশত অব্যাহত ৰাখিছে তাণ্ডৱলীলা। কভিডৰ সংহাৰী ৰূপ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক নগৰী মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। উক্ত ৰাজ্য সমূহত আক্রান্তৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে চিকিৎসলায় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হৈছে। অক্সিজেৰ নাটনিত প্ৰাণ হাৰুৱাব লগা হৈছে বহু লোক।
চিকিৎসলায় সমূত ৰোগীৰ বাবে ঠাইৰ অভাৱ আৰু অক্সিজেৰ নাটনিৰ মাজতে যোৱা তিনি দিন ধৰি ধাৰাবাহিকভাৱে দেশত কভিড আক্রান্ত লোকৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য মতে শনিবাৰে দেশত কভিডত আক্রান্ত হৈছে ৩,৪৬,৭৮৬ জন লোক। শনিবাৰৰ দিনটোতে দেশত মৃত্যু ঘটিছে ২,৬২৪ জন কভিড আক্রান্ত ৰোগীৰ।
উল্লেখ্য যে শুকুৰবাৰে দেশত ৩,৩২,৭৩০ জন লোক কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে বৃহস্পতিবাৰে আক্রান্ত হৈছিল ৩,১৪,৮৩৫ জন লোক। শুকুৰবাৰে দেশত মৃত্যু হৈছিল ২,২৬৩ জন লোক আৰু বৃহস্পতিবাৰে দেশত কভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে ২,১,০৪ জনকৈ লোকৰ।
স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য মতে দেশত ১,৬৬,১০,৪৮১ জন লোক বৰ্তমানলৈকে কভিডত আক্রান্ত হৈছে। ইয়াৰে ১,৩৩,৬৭,৯৯৭ জন লোক সুস্থ হৈ উঠিছে। দেশত বর্তমানলৈকে কভিড ৰোগীৰ মৃত্যুৰ সংখ্যা হৈছে ১,৮৯,৫৪৪ জন। ২৫,৫২,৯৪০ জন লোক দেশত এতিয়াও কভিডত আক্রান্ত হৈ আছে।