নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও হ্ৰাস পাইছে। আগষ্ট মাহৰ প্ৰথমটো সপ্তাহত দেশত আক্রান্তৰ সংখ্যা ক্ৰমাৎ ৪০ হাজাৰৰ তললৈ নামিছে। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪৪৭ জন ক’ভিড ৰোগী।
সোমবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩৫ হাজাৰ ৪৯৯ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪৪৭ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৯ হাজাৰ ৬৮৬ জন।
দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। আগষ্ট মাহত চতুৰ্থবাৰৰ বাবে দেশত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে।
লগতে পঢ়ক : ছিপাঝাৰত কৰ্কট-কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহাৰ্য্য প্ৰদান
ইয়াৰ পূৰ্বে ২ আগষ্ট, ৬ আগষ্টত আৰু ৭ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তলত আছিল। ২ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত ৩০ হাজাৰ ৫৪৯ জন লোক, ৬ আগষ্টত ৩৮ হাজাৰ ৬২৮ জন লোক আৰু ৭ আগষ্টত ৩৯ হাজাৰ ৭০ জন লোক আক্রান্ত হৈছিল। চলিত মাহত ১, ৩, ৪ আৰু ৫ আগষ্টত প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল।