নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। ক’ভিডৰ শক্তি কিছু হ্ৰাস পাইছে যদিও এতিয়াও প্ৰতিদিনে বহু লোক নতুনকৈ আক্রান্ত হৈ আছে। এতিয়াও দেশত প্ৰতিদিনে প্ৰায় ৪০ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ইয়াৰ মাজতে যোৱা ৯ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় পাঁচ মাহ পিছত সবাতোকৈ কম লোক দেশত কভিডত আক্রান্ত হৈছিল।
যোৱা ৯ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ২৮ হাজাৰ ২৮ জন লোক। পাঁচ মাহ পিছত ৯ আগষ্টত দেশত ২৪ ঘণ্টাৰ ভিতৰত ইমান কম সংখ্যক লোক ক’ভিডত আক্রান্ত হৈছিল যদিও ইয়াৰ পিছত পূবৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ তলত নামিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৩৬ হাজাৰ ৮৩ জন লোক।
উল্লেখ্য যে এদিন পূৰ্বেও দেশত ক’ভিডত নতুনকৈ ৩৮ হাজাৰ ৬৬৭ জন লোক আক্রান্ত হৈছিল। দেশত আক্রান্তৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও পাঁচশৰ তললৈ নামিছে। দেশত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৪৯৩ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে দেশত যোৱা ২৪ ঘণ্টাতত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৭ হাজাৰ ৯২৭ জন লোক।
লগতে পঢ়ক : খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত স্বাধীনতা দিৱস উদযাপন
দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২ হাজাৰ ৩৩৭ জন অধিক। যোৱা ২৪ ঘণ্টাত দেশৰ ভিতৰত সৰ্বাধিক লোক আক্রান্ত হৈছে কেৰেলাত। কেৰেলাত যোৱা ২৪ ঘণ্টাত ১৯ হাজাৰ ৪৫১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। দেশত মুঠ ক’ভিড আক্রান্তৰ সংখ্যা ৪ লাখৰ তললৈ নামিছে। দেশত বৰ্তমানেও ৩ লাখ ৮৫ হাজাৰ লোক ক’ভিডত আক্রান্ত হৈ আছে।