নিউজ ডেস্ক : সমগ্ৰ দেশতে মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ। প্ৰতিদিনে দেশত ক’ভিডত আক্রান্ত হৈছে নতুন নতুন লোক। এফালে নিতৌ লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে আৰু আনফালে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক’ভিড ৰোগী। বিগত কিছুদিন ধৰি দেশত প্ৰতিদিনে ক’ভিড আক্রান্ত লোকৰ সংখ্যাই ৪ লক্ষাধিকৰ সীমা অতিক্ৰম কৰাৰ পিছত দেওবাৰৰ দিনটোত নিম্নগামী হৈছে আক্রান্তৰ সংখ্যা।
দেওবাৰে ২৪ ঘণ্টাৰ ভিতৰত দেশত ক’ভিড আক্রান্তৰ সংখ্যা ৪ লাখৰ পৰা ৩ লাখ লৈ হ্ৰাস পাইছে। বিগত কিছুদিন ধৰি ২৪ ঘণ্টাত ৪ লাখ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ মাজতে দেওবাৰে আক্রান্ত হয় ৩ লাখ ৬৬ হাজাৰ ১৬১ জন লোক। আনহাতে ২৪ ঘন্টাত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও কিছু হ্ৰাস পাইছে দেশত। দেওবাৰে ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰে ৩ হাজাৰ ৭৫৪ জন ক’ভিড ৰোগী।
আৰু পঢ়কঃ ক’ভিডৰ ছুনামি : এখন চিকিৎসালয়ৰ ৮০ জন চিকিৎসক ক’ভিডত আক্রান্ত
উল্লেখ্য যে, বুধবাৰে দেশত ক’ভিডত আক্রান্ত হৈছিল ৪ লাখ ১২ হাজাৰ ৬১৮ জন লোক, বৃহস্পতিবাৰে আক্রান্ত হৈছিল ৪ লাখ ১৪ হাজাৰ ৪৩৩ জন লোক। শুকুৰবাৰে দেশত ক’ভিডত আক্রান্তৰ সংখ্যা ৪ লাখ ১ হাজাৰ ২২৮ জনৰ পৰিবৰ্তে মৃত্যু হৈছিল ৪ হাজাৰ ১৯১ জন লোকৰ। শনিবাৰেও আক্রান্তৰ সংখ্যা ৪ লাখ অতিক্ৰম কৰিছিল। শনিবাৰে আক্রান্ত হৈছিল ৪ লাখ ৩ হাজাৰ ৭৩৮ জন লোক। ভাৰতত প্ৰথমবাৰৰ বাবে ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৪ লক্ষাধিক অতিক্ৰম কৰিছিল যোৱা ৩০ এপ্ৰিলত। ৩০ এপ্ৰিলত ২৪ ঘণ্টাৰ ভিতৰত দেশত ক’ভিডত আক্রান্ত হৈছিল ৪ লাখ ২ হাজাৰ ৩৫১ জন লোক।