নিউজ ডেস্ক : ভাৰতত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ চলি থকাৰ মাজতে আশংকা কৰা হৈছে তৃতীয়টো ঢৌৰ। ইয়াৰ মাজতে ভাৰতত কেতিয়াবা যদি হ্ৰাস পাইছে ক’ভিড আক্রান্তৰ সংখ্যা, কেতিয়াবা আকৌ হুৰহুৰাই বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ।
যোৱা ২৪ ঘণ্টাত ভাৰতত কিছু হ্ৰাস পাইছে নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা। বিগত কিছুদিন ধৰি ২৪ ঘন্টাৰ ভিতৰত আক্রান্ত সংখ্যা ৪০ হাজাৰৰ অধিক দেখিবলৈ পোৱা গৈছিল যদিও যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰৰ তললৈ নামিছে আক্রান্তৰ সংখ্যা।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি ভাৰতৰ যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰৰ তললৈ নামিছে ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৭ হাজাৰ ৮৭৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।
উল্লেখ্য যে এদিন পূৰ্বেও ভাৰতত নতুনকৈ আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ তলত আছিল। এদিন পূৰ্বে আক্রান্ত হৈছিল ৩১ হাজাৰ ২২২ জন লোক। ৪০ হাজাৰৰ তলত থাকিলেও যোৱা ২৪ ঘণ্টাত ভাৰতৰ নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
লগতে পঢ়ক : গোৰেশ্বৰত ছাগলী চোৰ আটক
ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৩৬৯ জন ক’ভিড ৰোগী। আনহাতে ক’ভিড যুদ্ধত বিজয়ী হৈ যোৱা ২৪ ঘণ্টাত ভাৰতত সুস্থ হৈ উঠিছে ৩৯ হাজাৰ ১১৪ জন ক’ভিড ৰোগী। অৰ্থাৎ নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ১ হাজাৰ ৬০৮ জন অধিক।