নিউজ ডেস্ক : দেশত অব্যাহত আছে কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। প্ৰতিদিনে কভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা তিনি লক্ষাধিক অতিক্ৰম কৰিছে। মৃতকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে দেশত। বিগত ২৪ ঘণ্টাত দেশত কভিড আক্রান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিছে। ২৪ ঘণ্টাত সমগ্ৰ দেশতে কভিডত নতুনকৈ আক্রান্ত হৈছে ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক। আনহাতে মৃত্যু ঘটিছে ৩,৬৪৫ জন কভিড আক্রান্ত লোকৰ।
দেশত কভিড মহামাৰীৰ তাণ্ডৱলীলা নিয়ন্ত্ৰণহীন হৈ পৰিছে। দেশৰ কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিডৰ দ্বিতীয়টো ঢৌৱে। দেশৰ ৰাজধানী দিল্লী, বাণিজ্যিক নগৰী মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে কভিড ৰোগীৰ বাবে চিকিৎসালয় সমূহত ঠাইৰ অভাৱ ঘটিছে। অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক।
কভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বহু নীতি-নিৰ্দেশনা জাৰি কৰিছে আনকি চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ পিছতো দেশত প্ৰতিদিনে কভিড আক্রান্তৰ সংখ্যা নতুন নতুন অভিলেখ গঢ়ি আছে। বিগত আঠ দিন ধৰি দেশত ধাৰাবাহিকভাৱে কভিড আক্ৰান্তৰ সংখ্যা তিনি লাখ অতিক্ৰম কৰিছে।
বিগত ২৪ ঘণ্টাত দেশত কভিডত নতুনকৈ ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৩,৬৪৫ জন কভিড আক্রান্ত লোকৰ। ইয়াৰে ৬৩ হাজাৰ ৩০৯ জন আক্রান্ত হৈছে মহাৰাষ্ট্ৰত। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে ৯৮৫ জন কভিড আক্রান্ত ৰোগীৰ। দেশৰ ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ২৫ হাজাৰ ৯৮৬ জন লোক নতুনকৈ কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৩৬৮ জন কভিড ৰোগীৰ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলাবাৰে দেশত কভিডত আক্রান্ত হৈছিল ৩ লাখ ৬০ হাজাৰ ৯৬০ জন লোক। বৰ্তমান কভিড ৰোগীৰ সংখ্যাৰ দিশৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে। আনহাতে কভিড আক্রান্ত ৰোগীৰ মৃত্যুৰ দিশৰ পৰা আমেৰিকা, ব্ৰাজিল আৰু মেক্সিকোৰ পিছত আছে ভাৰতৰ স্থান। ভাৰতত বৰ্তমানেও ৯৯ হাজাৰ ৭৫২ জন কভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ পৰিবৰ্তে ৯ লাখ ৩৯ হাজাৰ ৩৩৩ জন ৰোগী কভিডক পৰাজিত কৰি সুস্থ হৈ উঠিছে।