নিউজ ডেস্ক : পশ্চিমবংগত শিয়ালৰ আক্ৰমণত আহত হৈছে বহু কেইজন লোক। ৰাজ্যখনৰ মালডা জিলাত বৃস্পতিবাৰে শিলায়ৰ এটা জাকে আক্ৰমণ চলাই ৩৮ জনকৈ লোকক জখম কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ হৰিশচন্দ্ৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাৰদম নগৰ নাম এখন গাঁওত উক্ত ঘটনা সংঘটিত হয়।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে কাহিলি পুৱাতে গাঁওখনৰ কেইবা ঘৰ লোকক প্ৰায় ১৫-২০ টা শিয়ালৰ এটা জাকে হাবিৰ পৰা আহি আক্ৰমণ কৰে, ফলত প্ৰায় ৪০ জন লোক আঘাতপ্ৰাপ্ত হয়, ইয়াৰে ২০ জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক বৰ্তমান চিকিৎসা কৰি থকা হৈছে।

ঘটনাৰ পিছতে বন বিভাগক খবৰ দিয়া হয় আৰু স্থানীয় বন বিভাগৰ এটা দল আহি ঘটনাস্থলী পৰিদৰ্শন কৰে বুলি এগৰাকী অঞ্চলটোৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply