নিউজ ডেস্ক : ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত বিয়পি পৰিছে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অ’মিক্ৰণ। ভাৰতৰ কেইবাখনো ৰাজ্যত অ’মিক্ৰণত আক্রান্ত হৈছে লোক। ইতিমধ্যে ভাৰতত ৩৮ জনকৈ লোক অ’মিক্ৰণত আক্রান্ত হৈছে।
ভাৰতত অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত পুনৰ দেশত লকডাউনৰ সম্ভাৱনাই দেখা দিছে। অ’মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইতিমধ্যে সজাগ আৰু সচেতন হৈ থাকিবলৈ পৰামৰ্শ দিছে। অ’মিক্ৰণৰ বাবে দেশত যিকোনো মূৰ্হুতত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে।
ভাৰতত বৰ্তমানলৈকে অ’মিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৮ জন। দেশৰ কেইবাখনো ৰাজ্যত অ’মিক্ৰণত লোক আক্ৰান্ত হৈছে। ভাৰতৰ মহাৰাষ্ট্ৰত ১৮ জন, ৰাজস্থানত ৯ জন, কৰ্ণাটকত ৩ জন, গুজৰাটত ১ জন আৰু দিল্লীত ২ জন লোক অ’মিক্ৰণত আক্রান্ত হৈছে।মহাৰাষ্ট্ৰৰ পৰিস্থিতি যাতে অধিক অৱনতি নঘটে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উদ্ধৱ থাকৰে চৰকাৰ মহাৰাষ্ট্ৰত ১৪৪ ধাৰা জাৰি কৰিছে।
লগতে পঢ়ক : Miss Universe2021:হৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ মুকুট
মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত অধিক লোকৰ সমাগম, সকলো ধৰণৰ ৰেলী, সভা আদি নিষিদ্ধ কৰা হৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহলৈ জাৰি কৰা নিৰ্দেশনাত নিশাৰ কাৰ্ফিউ আৰু আন আন ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিছে। ক’ভিডৰ সংক্ৰমণ অধিক থকা অঞ্চল সমূহত চোকা দৃষ্টি ৰাখিবলৈ কেন্দ্ৰই নিৰ্দেশ প্ৰদান কৰিছে।