নিউজ ডেস্ক : ভাৰতত এতিয়াও ক’ভিডৰ দ্বিতীয়টো ঢৌ অব্যাহত আছে। এতিয়াও ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে বহু লোক। বিগত এসপ্তাহ ধৰি ভাৰতত প্ৰতিদিনে ৪০ ৰ পৰা ৪৫ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে।

সোমবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতৰ নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩৮ হাজাৰ ৯৪৮ জন লোক। ইয়াৰ সমান্তৰালভাৱে ভাৰতত মৃতকৰ সংখ্যাও হ্ৰাস পাইছে যোৱা ২৪ ঘণ্টাত।

লগতে পঢ়ক : কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই গৰজি উঠিল বহু কেইটা কাৰ্বি জনগোষ্ঠীয় সংগঠন

ভাৰতৰ ১৬৭ দিনৰ পিছত যোৱা ২৪ ঘণ্টাত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা সৰ্বনিম্ন। যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ২১৯ জন ক’ভিড ৰোগী। আনহাতে ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। যোৱা ২৪ ঘণ্টাত ভাৰতৰ ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪৩ হাজাৰ ৯০৩ জন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply