নিউজ ডেস্ক : দেশত অব্যাহত আছে কভিডৰ তাণ্ডৱ। বুধবাৰে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ভাৰতৰ এদিনত নতুনকৈ কভিডত আক্রান্ত হ’ল ৩ লাখ ৮২ হাজাৰ ৩১৫ জন লোক। আনহাতে দেশত এদিনত মৃত্যুৰ মুখত পৰিছে ৩ হাজাৰ ৭৮০ জন কভিড আক্রান্ত ৰোগী। কভিড আক্রান্ত হোৱাৰ পিছত দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩ লাখ ৩৮ হাজাৰ ৪৩৯।
ভাৰতত কভিড মহামাৰীত প্ৰতিদিনে আক্রান্ত হৈ আছে লক্ষাধিক লোক। কভিড আক্রান্ত ৰোগীৰ সংখ্যা ভাৰতত ইমানেই বৃদ্ধি পাইছে যে চিকিৎসালয় সমূহত কভিড ৰোগীৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ হৈ পৰিছে। অক্সিজেনৰ নাটনিত ইতিমধ্যে কেইবাহাজাৰ কভিড ৰোগীৰ মৃত্যু ঘটিছে। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত কভিড ৰোগীৰ চিকিৎসাৰ বাবে অক্সিজেনৰ অভাৱ এক বৃহৎ সমস্যা ৰূপে দেখা দিছে।
ভাৰতৰ শেহতীয়া কভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ কেইবাখনো দেশ আগুৱাই আহিছে ভাৰতত সহায়ৰ বাবে। কেইবাখনো দেশে ভাৰতক অক্সিজেন আৰু অন্যান্য ঔষধ যোগান ধৰিছে। এফালে বিশ্বৰ কেইবাখনো ৰাজ্য সহায়ৰ হাত ভাৰতৰলৈ আগবঢ়াইছে আনফালে দ্ৰুত গতিত বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা।
বিগত কেইবাদিন ধৰি ভাৰতত কভিড আক্রান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰি প্ৰতিদিনে নতুন নতুন লোকক আক্রান্ত কৰি আছে। প্ৰতিদিনে তিনি লক্ষাধিক লোক ভাৰতত নতুনকৈ আক্রান্ত হৈ আছে কভিডত। বুধবাৰেও স্বাস্থ্য বিভাগৰ তথ্য মতে ভাৰতত এদিনত কভিডত নতুনকৈ আক্রান্ত হয় ৩ লাখ ৮২ হাজাৰ ৩১৫ জন লোক।
ইফালে দেশত কভিডত আক্রান্ত হৈ বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩ লাখ ৩৮ হাজাৰ ৪৩৯ জন লোক। আনহাতে বুধবাৰৰ চৰকাৰী তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৩ হাজাৰ ৭৮০ জন লোক। দেশত কভিড আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ২ লাখ ২৬ হাজাৰ ১৮৮ জনলৈ বৃদ্ধি পাইছে।