নিউজ ডেস্ক: এগৰাকী জনজাতীয় ছোৱালীৰ ওপৰত দলবদ্ধ ধৰ্ষণ কাৰ্য্য চলোৱাৰ অপৰাধত পশ্চিমবংগ আৰক্ষীয়ে দুগৰাকী কিশোৰসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ বিৰ্ভুম জিলাৰ শান্তিনিকেটনত এই ঘটনা সংঘটিত হৈছে বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।
আটাইকেইগৰাকী অভিযুক্তক দেওবাৰে জিলাখনৰ পাৰুই আৰক্ষী থানাৰ অধীনৰ বাদলদাংগা গাঁৱৰ পৰা আটক কৰা হয় বুলি আৰক্ষীৰ সূত্ৰই জনায়।
আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগী কিশোৰীগৰাকী আৰু তেওঁৰ বন্ধুৰ বৰ্ণনাৰ ভিত্তিত অপৰাধী কেইজনৰ নক্সা অঁকা হয় আৰু তেওঁলোকক আটক কৰা হয়।
ভুক্তভোগী কিশোৰী গৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে এখন স্থানীয় বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত অভিযুক্ত কেইজনে উক্ত ঘটনা সংঘটিত কৰে বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।
আদালতে ঘটনাৰ সৈতে জড়িত কিশোৰ দুগৰাকীক নাবালকৰ সংশোধনী গৃহলৈ প্ৰেৰণ কৰাৰ লগতে আন দুজন অপৰাধীক ১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক – মহানগৰীৰ পাণ্ডুত নাহৰফুটুকীৰ আক্ৰমণত মহিলা আহত