নিউজ ডেস্ক : ভাৰতত কভিডৰ অন্য এক অভিলেখ। যোৱা ২৪ ঘণ্টাত ভাৰতত কভিডৰ ছুনামি আহিছে। প্ৰথমবাৰৰ বাবে ভাৰতত কভিডত আক্রান্ত লোকৰ সংখ্যাই ৪ লাখ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ৪ লাখ ১ হাজাৰ ৯৯৩ জন লোক নতুনকৈ কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃত্যুৰ মুখত পৰিছে ৩ হাজাৰ ৫২৩ জনকৈ লোক।

সকলো অভিলেখ ভংগ কৰি ভাৰতৰ কভিড মহামাৰীয়ে অব্যাহত ৰাখিছে নিজৰ সংহাৰী ৰূপ। নিয়ন্ত্ৰণহীন হৈ পৰা এই মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰা যে পৰিলক্ষিত হৈছে। প্ৰতিদিনে লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। চিকিৎসালয় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱৰ লগতে অক্সিজেনৰ নাটনিয়ে পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে।

কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰতিখন ৰাজ্যৰ চৰকাৰে কভিডৰ সংক্ৰমণ ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ৰোধ কৰিব পৰা নাই কভিডৰ দ্ৰুত সংক্ৰমণ। দেশত বিগত ৯ দিন ধৰি ধাৰাবাহিকভাৱে এদিনত কভিড আক্রান্ত লোকৰ সংখ্যা ৩ লাখ অতিক্ৰম কৰি থাকৰ মাজতে শুকুৰবাৰৰ দিনটোত দেশত আক্রান্তৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য মতে শুকুৰবাৰৰ দিনটোত ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত কভিডত নতুনকৈ আক্রান্ত হৈছে ৪ লাখ ১ হাজাৰ ৯৯৩ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৩ হাজাৰ ৫২৩ জন কভিড আক্ৰান্ত ৰোগী। ভাৰতত প্ৰথমবাৰৰ বাবে ২৪ ঘন্টাত ৪ লাখ লোক কভিডত আক্রান্ত হয় শুকুৰবাৰৰ দিনটোত।

ইফালে দেশৰ ৰাজধানী দিল্লীত তাণ্ডৱ অব্যাহত ৰাখি কিভিডে যোৱা ২৪ ঘণ্টাত ২৭ হাজাৰ ০৪৭ জন লোকক নতুনকৈ আক্রান্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে ৩৭৫ জন লোকক। দিল্লীত বৰ্তমানলৈকে কভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ হাজাৰ ১৪৭ জন। আনহাতে মহাৰাষ্ট্ৰত ২৪ ঘন্টাত নতুনকৈ কভিডত আক্রান্ত হৈছে ৬২ হাজাৰ ৯১৯ জন লোক আৰু মৃত্যুৰ মুখত পৰিছে ৮২৮ জন লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply