নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ চাৰি-পাঁচটা এলেকাত সন্ত্ৰাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ সংঘটিত হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ খবৰ অনুসৰি এই সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদী নিহত হৈছে নিৰাপত্তা বাহিনীৰ গুলীত।
কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে এই সন্দৰ্ভত কয়- ‘আমি যোৱা কালি নিশা ৪-৫ স্থান যৌথ অভিযান আৰম্ভ কৰিছিলো। পুলৱামাত এটা পাকিস্তানীসহ জে-ই-এমৰ দুটা সন্ত্ৰাসবাদী, লস্কৰৰ এটা সন্ত্ৰাসবাদী গাদৰবলত আৰু আনটো হণ্ডবাড়াত আমাৰ গুলীচালনাত নিহত হয়। তদুপৰি আমি এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰো কৰিছো।’
উল্লেখ্য যে, যোৱা কালি নিশা পুলৱামাৰ চেৱাকঁলা এলেকাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত জেইছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদী নিহত হয়। তাৰপাছত আজি পুৱা ভাগত গাদৰবলত এনে ধৰণৰ ঘটনা সংঘটিত হয়। ইয়াত লস্কৰৰ এটা সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয়।