নিউজ ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ বৰ্তমানলৈ বন্ধ হোৱা নাই। ৰাছিয়াৰ তৰফৰ পৰা তেনে কোনো ইংগিতো দেখা পোৱা হোৱা নাই। আৰু দেশখনত আৱদ্ধ হৈ আছে ভাৰতৰ বহু নাগৰিক।

তাৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ৪০গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে খোজকাঢ়িয়েই উপস্থিত হৈছে ইউক্ৰেইন-প’লেণ্ড সীমান্তত। এএনআইৰ বাতৰি অনুসৰি, এই ভাৰতীয় ছাত্ৰ-ছাত্ৰী কেইজনক শিক্ষানুষ্ঠানৰ বাছে সীমান্তৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰতেই নমাই দিয়ে। আৰু তাৰ পৰা এই পথচোৱা তেওঁলোকে খোজকাঢ়ি আহে।

উল্লেখ্য যে, প’লেণ্ড সীমান্তৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈত থকা লীৱৰ মেডিকেল কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকলে ইউক্ৰেইনৰ চুবুৰীয়া এই দেশখনত প্ৰৱেশ কৰি কোনোমতে ভাৰতত আহিবলৈ আশা কৰি আছে। কিয়নো ইউক্ৰেইনৰ বিমান বন্দৰসমূহ ৰাছিয়াৰ সেনা বাহিনীৰ আক্ৰমণৰ পাছত বন্ধ কৰি দিয়া হৈছে।

এতিয়াও ইউক্ৰেইনত বহু হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে। আৰু ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী, যিসকলে দেশখনত শিক্ষাগ্ৰহণৰ বাবে আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply