নিউজ ডেস্ক: ভাৰতত তিনিটা বছৰত ৪০ লাখ লোক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ লগতে ২২.৫৪ লাখ কেঞ্চাৰ ৰোগীয়ে মৃত্যুক সাবটিব লগীয়া হৈছে। শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই জানিবলৈ দিয়ে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৮ বৰ্ষত ১৩,২৫,২৩২ গৰাকী, ২০১৯ বৰ্ষত ১৩,৫৮,৪১৫ গৰাকী আৰু ২০২০ বৰ্ষত ১৩,৯২,১৭৯ গৰাকী ব্যক্তি কেঞ্চাৰত আক্ৰান্ত হৈছে।

আনহাতে, ২০২০ বৰ্ষত ৭,৭০,২৩০ গৰাকী কেঞ্চাৰ ৰোগীয়ে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে ২০১৯ বৰ্ষত ৭,৫১,৫১৭ গৰাকী আৰু ২০১৮ বৰ্ষত ৭,৩৩,১৩৯ গৰাকী কেঞ্চাৰ ৰোগীৰ মৃত্যু হয়।

কেঞ্চাৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২২ খন নতুন এইমছ (AIIMS) নিৰ্মাণ কৰি থকাৰ লগতে প্ৰধান মন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত বহু কেইখন চিকিৎসালয়ৰ উন্নতিসাধান কৰি আছে বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে লগতে জনাই যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY)ৰ অধীনত কেঞ্চাৰৰ চিকিৎসা লাভ কৰিব পৰা যায়।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আৰোগ্য নিধি আৰু স্বাস্থ্য মন্ত্ৰীৰ ঐচ্ছিক অনুদান (HMDG)ৰ অধীনত কেঞ্চাৰ আদি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ থকা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ ৰোগীৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা মতে HMDGৰ অধীনত কেঞ্চাৰৰ চিকিৎসাৰ বাবে সৰ্বাধিক ১,২৫,০০০ টকালৈকে প্ৰদান কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্য নিধিৰ অধীনত ১৫ লাখ টকা পৰ্য্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

লগতে পঢ়ক – যোৰহাট জিলা সংগ্ৰহালয়লৈ সাঁচিপতীয়া পুথি দান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply