অৰ্থনৈতিক সৱলীকৰণ আৰু নিয়োজন সৃষ্টিৰ ওপৰত গুৰুত্ব দি তৃণমূল পৰ্যায়ত উদ্যমীক সমৰ্থন প্ৰদান কৰিবলৈ ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি  ৫ এপ্ৰিল ২০১৬ তাৰিখে আৰম্ভ কৰা হৈছিল। এই আঁচনিখন ২০২৫ চনলৈ সম্প্ৰসাৰণ কৰা হৈছে।

উদ্যমী, উৎসাহী, আৰু উচ্চাকাংক্ষী অনুসূচীত জাতি, অনুসূচীত জনজাতি তথা মহিলা উদ্যমীসকলে তেওঁলোকৰ সপোনক বাস্তৱলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি অনুধাৱন কৰি মহিলা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ মাজত উদ্যমিতা বৃদ্ধিৰ বাবে ষ্টেণ্ড-আপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল যাতে তেওঁলোকক উৎপাদন, সেৱা বা বাণিজ্য খণ্ড আৰু কৃষিৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ জৰিয়তে এক গ্ৰীণফিল্ড উদ্যম আৰম্ভ কৰাত সহায় কৰিব পাৰি।

এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত আৰু উদ্যোগ পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, “১.৮ লাখতকৈও অধিক মহিলা আৰু অনুসূচীত জাতি/জনজাতি উদ্যমীক ৪০,৬০০ কোটি টকাতকৈও অধিক টকাৰ ঋণ মঞ্জুৰ কৰা হৈছে বুলি উল্লেখ কৰাটো মোৰ বাবে গৌৰৱ আৰু সন্তুষ্টিৰ বিষয়।”

“আঁচনিখনে এক পৰিৱেশ-প্ৰণালী সৃষ্টি কৰিছে য’ত সকলো অধিসূচীত বাণিজ্যিক বেংকৰ শাখাৰ পৰা ঋণ লাভ কৰাৰ জৰিয়তে সেউজ ক্ষেত্ৰ উদ্যোগ স্থাপনৰ বাবে এক সহায়ক পৰিৱেশ প্ৰদান কৰা হৈছে। ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনি অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাসকলৰ মাজত উদ্যোগৰ সমৰ্থন প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে,” এছইউপিআই আঁচনিৰ ৭ম বাৰ্ষিকীত বিত্তমন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

শ্ৰীমতী সীতাৰমণে কয় যে ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনিয়ে উদ্যমীসকলৰ সেৱাবঞ্চিত/কম সেৱা প্ৰাপ্ত খণ্ডলৈ অসুবিধা-মুক্ত সুলভ ঋণৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰি বহুতৰ জীৱন উপকৃত কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে উচ্চাকাংক্ষী উদ্যমীসকলক তেওঁলোকৰ উদ্যমিতা দক্ষতা প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰিছে।

ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনিৰ ৭ম বাৰ্ষিকীত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাডে কয়, “ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনিখন ৰাষ্ট্ৰীয় বিত্তীয় অন্তৰ্ভুক্তি মিছনৰ তৃতীয় স্তম্ভৰ ওপৰত আধাৰিত অৰ্থাৎ ই হ’ল “পুঁজিবঞ্চিতলৈ পুঁজি প্ৰদান”। আঁচনিখনে অধিসূচীত বাণিজ্যিক বেংকৰ শাখাৰ পৰা অনুসূচীত জাতি/জনজাতি আৰু মহিলা উদ্যমীসকললৈ অবিৰাম ঋণ প্ৰবাহৰ উপলব্ধতা নিশ্চিত কৰিছে। উদ্যমী, তেওঁলোকৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাত আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”

ড০ কাৰাডে কয়, “যোৱা সাত বছৰত ১.৮ লাখতকৈও অধিক উদ্যমী এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে।” “এই আঁচনিৰ অধীনত দিয়া ঋণ ৮০% তকৈও অধিক মহিলাসকলক প্ৰদান কৰাটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয়,” ড০ কাৰাডে লগতে কয়।

ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ (এছ.ইউ.পি.আই.) সপ্তম বাৰ্ষিকী উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত আহক আমি এই আঁচনিখনৰ বিশেষত্ব আৰু কৃতিত্বৰ ওপৰত চকু দিওঁ-

ষ্টেণ্ড-আপ ইণ্ডিয়াৰ উদ্দেশ্য হৈছে:

• মহিলা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ মাজত উদ্যমশীলতা বৃদ্ধি কৰা; 

• উৎপাদন, সেৱা বা বাণিজ্য খণ্ড আৰু কৃষিৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপত গ্ৰীণফিল্ড উদ্যোগৰ বাবে ঋণ প্ৰদান কৰা;

• কমেও এজন অনুসূচীত জাতি/অনুসূচীত জনজাতি ঋণ লওঁতা আৰু অধিসূচীত বাণিজ্যিক বেংকৰ প্ৰতিটো বেংক শাখাত কমেও এগৰাকী মহিলা ঋণ লওঁতাক ১০ লাখ ৰ পৰা ১০০ লাখ টকাৰ ভিতৰত বেংক ঋণ প্ৰদান কৰাত সহায় কৰা।

ষ্টেণ্ড-আপ ইণ্ডিয়া কিয়?

ষ্টেণ্ড-আপ ইণ্ডিয়া আঁচনিখন অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলা উদ্যমীসকলে উদ্যোগ স্থাপন, ব্যৱসায়ত সফল হোৱাৰ বাবে সময়ে সময়ে প্ৰয়োজনীয় ঋণ আৰু অন্যান্য সমৰ্থন লাভ কৰাৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। সেয়েহে ব্যৱসায় কৰাৰ ক্ষেত্ৰত ঈপ্সিত খণ্ডবোৰক এক সহায়ক পৰিৱেশ প্ৰদান কৰাত সহায় কৰিবলৈ আঁচনিখনে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। এই আঁচনিৰ উদ্দেশ্য হৈছে অনুসূচীত জাতি, জনজাতি আৰু মহিলাসকলৰ  ঋণ লওঁতাসকলক তেওঁলোকৰ নিজা গ্ৰীণফিল্ড উদ্যোগ স্থাপনত ঋণ প্ৰদান কৰাত সকলো বেংক শাখাক উৎসাহিত কৰা। আৱেদনকাৰীসকলে আঁচনিখনৰ অধীনত আবেদন কৰিব পাৰে:

• পোনপটীয়াকৈ শাখাত বা,

• ষ্টেণ্ড-আপ ইণ্ডিয়া পৰ্টেলৰ জৰিয়তে (www.standupmitra.in) বা,

• লীড ডিষ্ট্ৰিক্ট মেনেজাৰৰ (এলডিএম) জৰিয়তে।

ঋণৰ বাবে কোনসকল যোগ্য?

  • ১৮ বছৰৰ অধিক বয়সৰ অনুসূচীত জাতি/জনজাতি আৰু/বা মহিলা উদ্যমীসকল;
  • আঁচনিখনৰ অধীনত ঋণ কেৱল গ্ৰীণফিল্ড প্ৰকল্পৰ বাবে উপলব্ধ। গ্ৰীণফিল্ডে এই পৰিপ্ৰেক্ষিতত, উৎপাদন, সেৱা বা বাণিজ্য খণ্ড আৰু কৃষিৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপত হিতাধিকাৰীৰ প্ৰথম বাৰৰ উদ্যমক সূচায়
  • অ-ব্যক্তিগত উদ্যমৰ ক্ষেত্ৰত, অংশীদাৰীত্ব আৰু নিয়ন্ত্ৰণকাৰী অংশৰ ৫১% অনুসূচীত জাতি/জনজাতি আৰু/বা মহিলা উদ্যোগীৰ হাতত থাকিব লাগে;
  • ঋণ লওঁতাসকলৰ কোনো বেংক/বিত্তীয় প্ৰতিষ্ঠানত ডিফল্ট থাকিব নালাগে;
  • আঁচনিখনত ‘১৫% লৈকে’ মাৰ্জিন ধনৰ পৰিকল্পনা কৰা হৈছে যাক যোগ্য কেন্দ্ৰীয়/ৰাজ্যিক আঁচনিৰ সৈতে একত্ৰিত কৰি প্ৰদান কৰিব পাৰি। যিকোনো ক্ষেত্ৰত, ঋণ লওঁতাই প্ৰকল্পৰ ব্যয়ৰ নিম্নতম ১০% নিজা অৱদান হিচাপে ভৰিব লাগিব।

হেণ্ডহ’ল্ডিং সমৰ্থন:

ঋণৰ বাবে সাম্ভাৱ্য ঋণ লওঁতাসকলক বেংকৰ সৈতে সংযুক্ত কৰাৰ উপৰিও ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ বাবে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ (এছআইডিবিআই) দ্বাৰা বিকশিত www.standupmitra.in অনলাইন পৰ্টেলটোৱে বেংকৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি ঋণৰ আৱেদন পূৰণ কৰাৰ প্ৰচেষ্টাত সাম্ভাৱ্য উদ্যমীসকলক নিৰ্দেশনা প্ৰদান কৰিছে। ৮,০০০ তকৈও অধিক হেণ্ডহ’ল্ডিং এজেঞ্চীৰ নেটৱৰ্কৰ জৰিয়তে এই পৰ্টেলটোৱে সাম্ভাৱ্য ঋণ লওঁতাসকলক নিৰ্দিষ্ট দক্ষতা থকা বিভিন্ন সংস্থাৰ সৈতে সংযোগ কৰাৰ বাবে পদক্ষেপ অনুসৰি দক্ষতা কেন্দ্ৰ, পৰামৰ্শ সমৰ্থন, উদ্যোগ বিকাশ কাৰ্যসূচী কেন্দ্ৰ, জিলা উদ্যোগ কেন্দ্ৰ, ঠিকনা আৰু যোগাযোগ নম্বৰৰ সৈতে নিৰ্দেশনা প্ৰদান কৰে।

২১.০৩.২০২৩ তাৰিখলৈকে এই আঁচনিৰ সফলতা

  • আঁচনিখন আৰম্ভ হোৱাৰ পৰা ২১.০৩.২০২৩ লৈকে ১৮০,৬৩৬ টা একাউণ্টলৈ ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ অধীনত ৪০,৭১০ কোটি টকা মঞ্জুৰ কৰা হৈছে।
  • ২১.০৩.২০২৩ তাৰিখলৈকে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ অনুসূচীত জাতি/জনজাতি আৰু মহিলা হিতাধিকাৰীসকলৰ বিৱৰণ তলত দিয়া হৈছে:
অনুসূচীত জাতিঅনুসূচীত জাতিমহিলাসৰ্বমুঠ
একাউণ্টৰ সংখ্যাঅনুমোদিত পৰিমাণ (কোটি টকাত)একাউণ্টৰ সংখ্যাঅনুমোদিত পৰিমাণ (কোটি টকাত)একাউণ্টৰ সংখ্যাঅনুমোদিত পৰিমাণ (কোটি টকাত)একাউণ্টৰ সংখ্যাঅনুমোদিত পৰিমাণ (কোটি টকাত)
২৬,৮৮৯৫,৬২৫.৫০৮,৯৬০১,৯৩২.৫০১,৪৪,৭৮৭৩৩,১৫২.৪৩১,৮০,৬৩৬৪০,৭১০.৪৩

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply