নিউজ ডেস্ক : কাৰাগৰৰ ভিতৰত ভয়ংকৰ অগ্নিকাণ্ড। মৃত্যু ৪১ জনকৈ কাৰাবন্দীৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াত। অগ্নিদগ্ধ হৈ আহত হৈছে ৭২ জনকৈ কাৰাবন্দী।

ইণ্ডোনেছিয়াৰ বাটেন প্ৰদেশৰ তাঞ্জেৰাং কাৰাগাৰৰ ব্লক চিত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত কাৰাগৰত বন্দী হৈ থকা ৪১ জনকৈ কাৰাবন্দীৰ মৃত্যু হয়।

কাৰাগাৰৰ সংশ্লিষ্ট বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি অগ্নিকাণ্ডৰ ঘটনাত ৪১ জন কাৰাবন্দীৰ মৃত্যু হোৱাৰ লগতে ৭২ জনকৈ কাৰাবন্দী আহত হৈছে। মাজনিশা প্ৰায় ১ বজাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

লগতে পঢ়ক :  সীমান্তবৰ্তী অঞ্চলত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গাঁৱৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ

অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত কাৰাগাৰৰ ভিতৰত কাৰাবন্দী সকল শুই আছিল। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বৈদ্যুতিক ত্ৰুটিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply