নিউজ ডেস্ক : দেশত পুনৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা। বিগত কিছুদিন সংক্ৰমণৰ হাৰ হ্ৰাস পাইছিল যদিও পুনৰ দেশত উৰ্ধগামী হ’বলৈ ধৰে সংক্ৰমণৰ হাৰ। দেশত ক’ভিড ৰোগী সুস্থ হোৱাৰ তুলনাত নতুনকৈ আক্রান্তৰ সংখ্যা অধিক।
দেশৰ ক’ভিড পৰিস্থিতি পূৰ্বৰ তুলনাত বহু নিয়ন্ত্ৰণলৈ আহিছে যদিও বিগত কিছুদিন ধৰি পুনৰ দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰতিদিনে ৪০ হাজাৰৰ ওপৰত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ আক্রান্তৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম কৰিছে। আক্রান্ত হাৰ বৃদ্ধি পাইছে যদিও নিয়ন্ত্ৰণত আছে মৃতকৰ সংখ্যা।
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪১ হাজাৰ ৬৪৯ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৫৯৩ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৩৭ হাজাৰ ২৯১ জন লোক। যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা ৫৯৩ জন ক’ভিড ৰোগীৰ ২৩১ জন মহাৰাষ্ট্ৰৰ।
লগতে পঢ়ক : উচ্চত মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা
উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক। দেশৰ পাঁচখনকৈ ৰাজ্যত ক’ভিড পৰিস্থিতি অধিক জটিল হৈ আছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত কেৰেলাত আক্রান্ত হোৱা লোকৰ সংখ্যা ২০ হাজাৰ ৭৭২ জন। কেৰেলাৰ লগতে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুত ক’ভিড সংক্ৰমণৰ হাৰ অধিক।