প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক : দেশত পুনৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা। বিগত কিছুদিন সংক্ৰমণৰ হাৰ হ্ৰাস পাইছিল যদিও পুনৰ দেশত উৰ্ধগামী হ’বলৈ ধৰে সংক্ৰমণৰ হাৰ। বিগত দুদিন ধৰি দেশত সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ তুলনাত নতুনকৈ আক্রান্ত হোৱাৰ সংখ্যা অধিক।

দেশৰ ক’ভিড পৰিস্থিতি পূৰ্বৰ তুলনাত বহু নিয়ন্ত্ৰণলৈ আহিছে যদিও বিগত কিছুদিন ধৰি পুনৰ দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰতিদিনে ৪০ হাজাৰৰ ওপৰত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ আক্রান্তৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম কৰিছে। শনিবাৰৰ দিনটোত পুনৰ দেশত সুস্থ হৈ উঠা লোকৰ তুলনাত আক্রান্তৰ সংখ্যা অধিক দেখিবলৈ পোৱা যায়।

শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪১ হাজাৰ ৮৩১ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰে ৫৪১ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৩৯ হাজাৰ ২৫৮ জন লোক। উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক।

লগতে পঢ়ক : আজিৰে পৰা ATM ৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম

দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে। এই ৰাজ্যসমূহৰ ভিতৰত আছে কেৰেলা, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডু। কেৰেলাত যোৱা ২৪ ঘণ্টাত ২০ হাজাৰ ৬২৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply