নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ বিভীষিকা। প্ৰতিদিনে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে কেইবা লক্ষাধিক লোক। মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপে বিগত কিছুদিন ধৰি অধিক ভয়াবহ হৈ উঠা পৰিলক্ষিত হৈছে ভাৰতৰ। ব্যাপক হাৰত সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে দেশত।

বিগত কিছুদিন ধৰি দেশত প্ৰতিদিনে ৪ হাজাৰতকৈও অধিক ক’ভিড ৰোগীৰ মৃত্যু ঘটি আছে। বুধবাৰৰ দিনটোত ভাৰতত ২৪ ঘন্টাৰ ভিতৰত মৃত্যুৰ মুখত পৰিছে ৪,১২০ জনকৈ ক’ভিড ৰোগী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩, ৬২,৭২৭ জন লোক।

মঙলাবাৰৰ দিনটোত দেশত ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা কিছু হ্ৰাস পাইছিল যদিও বুধবাৰে পুনৰ বৃদ্ধি হয় আক্রান্তৰ সংখ্যা। মঙলাবাৰে ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ৩,৪৮,৪২১ জন লোক। আনহাতে মৃতকৰ সংখ্যাৰ দিশৰ পৰা মঙলাবাৰৰ দিনটো আছিল ভাৰত বাবে ভয়াবহ দিন। মঙলাবাৰে ভাৰতত ২৪ ঘণ্টাত সৰ্বাধিক ৪,২০০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছিল।

আৰু পঢ়কঃ কোৰোনা পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত

ইফালে ভাৰতত মুঠ ক’ভিড আক্রান্ত লোকৰ সংখ্যা ২.৫ কোটি অতিক্ৰম কৰিছে। ইয়াৰে ৩৭ লাখতকৈও অধিক লোক বর্তমানেও আক্রান্ত হৈ আছে। ক’ভিড আক্রান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰত বৰ্তমান সমগ্ৰ বিশ্বতে দ্বিতীয় স্থানত আছে। আনহাতে আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে ভাৰতত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা অধিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply