নিউজ ডেস্ক : নিয়ন্ত্ৰণৰ বাহিৰত দেশত কভিড মহামাৰী। এক প্ৰকাৰ দেশত ছুনামি আনিছে কভিড মহামাৰীয়ে। দেশত কভিডৰ দ্বিতীয়টো ঢৌৱে প্ৰতিদিনে নতুন নতুন ৰেকৰ্ড গঢ়ি থকা পৰিলক্ষিত হৈছে। দুবাৰকৈ দেশত ২৪ ঘণ্টাৰ ভিতৰত কভিড আক্রান্তৰ সংখ্যাই ৪ লক্ষাধিকৰ সীমা অতিক্ৰম কৰাৰ পিছত বৃহস্পতিবাৰৰ দিনটোত পুনৰ ৪ লক্ষাধিক লোক আক্রান্ত হয়।
বৃহস্পতিবাৰে দেশত ২৪ ঘণ্টাৰ ভিতৰৰ কভিডত নতুনকৈ আক্রান্ত হৈছে ৪ লাখ ১৪ হাজাৰ ৪৩৩ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰা কভিড ৰোগীৰ সংখ্যা ২৪ ঘণ্টাৰ ভিতৰত হৈছে ৩ হাজাৰ ৯২০ জন। প্ৰথমবাৰৰ বাবে দেশত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ২৪ ঘণ্টাত ৪ লাখ ১৪ হাজাৰতকৈ অধিক লোক নতুনকৈ কভিডত আক্রান্ত হৈছে।
ইয়াৰ পূৰ্বে বুধবাৰৰ দিনটোতো ২৪ ঘণ্টাৰ ভিতৰত দেশত কভিডত নতুনকৈ আক্রান্ত হৈছিল ৪ লাখ ১২ হাজাৰ ৬১৮ জন লোক। দেশত প্ৰথমবাৰৰ বাবে ২৪ ঘণ্টাত কভিড আক্রান্তৰ সংখ্যা ৪ লক্ষাধিক অতিক্ৰম কৰিছিল যোৱা ৩০ এপ্ৰিলত। ৩০ এপ্ৰিলত আক্রান্ত হৈছিল ৪ লাখ ২ হাজাৰ ৩৫১ জন লোক।
ইফালে দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ চলি থকাৰ মাজতে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক তৃতীয়টো ঢৌৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে প্ৰশ্ন কৰিছে। উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে যে কভিডৰ তৃতীয়টো ঢৌত যদি শিশু সকল আক্রান্ত হয় তেন্তে চিকিৎসাৰ বাবে চৰকাৰ কিদৰে প্ৰস্তুত হৈ আছে ?