নিউজ ডেস্ক : ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত মাৰাত্মক কভিড। ২৪ ঘণ্টাত ভাৰতৰ কভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। ভাৰতত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪১৯১ জন কভিড ৰোগীৰ। প্ৰথমবাৰৰ বাবে ভাৰতত ২৪ ঘণ্টাত ৪১৯১ জন কভিড ৰোগীৰ মৃত্যু হৈছে। আনহাতে যোৱা তিনিদিন ধৰি আক্রান্তৰ সংখ্যাই ৪ লক্ষাধিকৰ সংখ্যা অতিক্ৰম কৰিছে।
কভিডৰ দ্বিতীয়টো ঢৌৱে ভাৰতত অব্যাহত ৰাখিছে নিজৰ তাণ্ডৱলীলা। প্ৰতিদিনে ভাৰতত কভিডৰ সংক্ৰমণ আৰু কভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই নতুন নতুন ৰেকৰ্ড গঢ়ি আছে। বিগত তিনিদিন ধৰি ভাৰতত কভিড আক্রান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে ৪ লক্ষাধিকৰ সংখ্যা অতিক্ৰম কৰাৰ পিছত ২৪ ঘণ্টাত মৃত্যু হোৱা কভিড ৰোগীৰ সংখ্যাই নতুন ৰেকৰ্ড গঢ়িছে।
২৪ ঘণ্টাত ভাৰতত কভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৪১৯১ৰ ঘৰ অতিক্ৰম কৰিছে। ২৪ ঘণ্টাত ৪১৯১ জন কভিড ৰোগীৰ মৃত্যু হোৱাৰ সমান্তৰালে দেশত নতুনকৈ কভিডত আক্রান্ত হৈছে ৪ লাখ ১ হাজাৰ ২২৮ জন লোক। ইয়াৰ পূৰ্বে বুধবাৰে দেশত কভিডত আক্রান্ত হৈছিল ৪ লাখ ১২ হাজাৰ ৬১৮ জন, বৃহস্পতিবাৰে নতুনকৈ আক্রান্ত হৈছিল ৪ লাখ ১৪ হাজাৰ ৪৩৩ জন লোক।
ভাৰতত প্ৰথমবাৰৰ বাবে কভিড আক্রান্ত লোকৰ সংখ্যা ৪ লক্ষাধিক অতিক্ৰম কৰিছিল যোৱা ৩০ এপ্ৰিলত। ৩০ এপ্ৰিলত ২৪ ঘণ্টাৰ ভিতৰত দেশত কভিডত আক্রান্ত হৈছিল ৪ লাখ ২ হাজাৰ ৩৫১ জন লোক। দেশত মাৰাত্মক কভিডৰ লগত যুঁজি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩ লাখ ১৮ হাজাৰ ৬০৯ জন।