নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। এফালে দ্ৰুত গতিত চলিছে ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী আনফালে হ্ৰাস পাবলৈ ধৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪২ হাজাৰ ৬৪০ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰে ১ হাজাৰ ১৬৭ জন ক’ভিড ৰোগী।
এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ চলাই কেইবা লক্ষাধিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এফালে প্ৰতিদিনে দেশত লাখ লাখ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰি আছিল হাজাৰ হাজাৰ লোক। এপ্ৰিল মাহৰ মাজৰ ভাগৰ পৰা মে’ মাহৰ শেষলৈকে ভয়াবহ ৰূপ ধৰণৰ কৰা ক’ভিডৰ শক্তি কিছু হ্ৰাস পায় জুন মাহৰ আৰম্ভণিৰ পৰা।
সোমবাৰৰ দিনটো দেশৰ বাবে আছিল অতিকৈ ভাল দিন। সোমবাৰে দেশৰ ৯১ দিন পিছত সবাতোকৈ কম লোক ক’ভিডত আক্রান্ত হয়। সোমবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪২ হাজাৰ ৬৪০ জন লোক। ইয়াৰ পৰিবৰ্তে সোমবাৰে মৃত্যুৰ মুখত পৰে ১ হাজাৰ ১৬৭ জন ক’ভিড ৰোগী। আনহাতে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠে ৮১ হাজাৰ ৮৩৯ জন ৰোগী।
আৰু পঢ়কঃ দুদিন ধৰি অন্ধকাৰত লখিমপুৰ জিলাৰ কদম টেঙাবস্তিতৰ গাঁওবাসী
এফালে দেশত কভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত হ্ৰাস পাই থকাৰ মাজতে ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অধিক দ্ৰুত কৰি তোলা হৈছে। সোমবাৰে সমগ্ৰ দেশত ৮৬.১৬ লাখ লোকক ভেকচিন প্ৰদান কৰা হয়। যোৱা ১৬ জানুৱাৰী পৰা দেশত আৰম্ভ কৰা টিকাকাৰণ অভিযানৰ পিছৰে পৰা সোমবাৰৰ দিনটোত সবাতোকৈ অধিক লোকক ভেকচিন প্ৰদান কৰা হয়।