নিউজ ডেস্ক : দেশত ক্ৰমাৎ পুনৰ উৰ্ধগামী হ’বলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণৰ হাৰ। বিগত কিছুদিন ধৰি নিয়ন্ত্ৰণলৈ অহাৰ পিছত পুনৰ ক’ভিডৰ দ্বিতীয়টো ঢৌ সংহাৰী ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। দেশত পুনৰ প্ৰতিদিনে ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪৩ হাজাৰ ৩৯৩ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৯১১ জন ক’ভিড ৰোগী। যোৱা ২৪ ঘণ্টাত কেৱল মহাৰাষ্ট্ৰতে মৃত্যুৰ মুখত পৰিছে ৪৩৯ জন ক’ভিড ৰোগী।
মহাৰাষ্ট্ৰৰ পিছত সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হোৱা ৰাজ্য হৈছে। কেৰেলা। যোৱা ২৪ ঘণ্টাত কেৰেলাৰ মৃত্যুৰ মুখত পৰিছে ১৪২ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে ৪৪ হাজাৰ ৪৫৯ জন লোক।
লগতে পঢ়ক : নগাঁৱৰ ৰাঙলুত পথৰ দুৰৱস্থা! ভূঁই ৰুই গাঁওবাসীৰ প্ৰতিবাদ
উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত নতুনকৈ কভিডত আক্রান্ত হোৱা লোক সকলৰ ভিতৰত সর্বসাধিক লোক আছে পাঁচখনকৈ ৰাজ্য পৰা। কেৰেলা, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু অসমত সৰ্বাধিক লোক যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে। ইয়াৰে অসমত আক্রান্ত হৈছে ২ হাজাৰ ৬৪৪ জন লোক।