নিউজ ডেস্ক : দেশত বৰ্তমানেও অব্যাহত আছে ক’ভিডৰ সংহাৰী ৰূপ। প্ৰতিদিনে দেশত নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। বিগত কিছুদিন ধৰি দেশত ক’ভিড সংক্ৰমণৰ হাৰ কিছু নিয়ন্ত্ৰণলৈ আহিছিল যদিও যোৱা ২৪ ঘণ্টাত দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা।
দেশত ক’ভিড সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ইফালে ২৭ জুলাই পৰ্যন্ত দেশত ৪৪ কোটি ৬১ লাখ ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩ কোটিৰো অধিক।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪৩ হাজাৰ ৬৫৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৬৪০ জন ক’ভিড আক্রান্ত ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৪১ হাজাৰ ৬৭৮ জন লোক।
লগতে পঢক : ছিপাঝাৰৰ ৰাজপথত কৃত্ৰিম বানপানী
দেশত বর্তমানলৈকে ৩ কোটি ১৪ লাখ ৮৪ হাজাৰ লোক ক’ভিডত সংক্ৰমিত হৈছে। ইয়াৰে ৪ লাখ ২২ হাজাৰ ২২ লোকৰ মৃত্যু ঘটিছে। ভাল খবৰ হৈছে যে দেশত ৩ কোটি ৬ লাখ ৬৩ হাজাৰ লোক ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে। ইফালে ২৭ জুলাই পৰ্যন্ত সমগ্ৰ দেশতে ৪৪ কোটি ৬১ লাখ ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।