নিউজ ডেস্ক : ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। চুবুৰীয়া দেশ ম্যানমাৰৰ নগা স্বশাসিত ছাগাইঙি অঞ্চলত শুকুৰবাৰে পিপলছ ডিফেন্স ফৰ্ছ আৰু জুণ্টা সামৰিক বাহিনীৰ মাজত হোৱা ভয়ংকৰ সংৰ্ঘষত ৪৭ গৰাকীৰ জুণ্টা সেনা নিহত হোৱাৰ খবৰ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি জুণ্টা সেনাই ছাগাইঙিৰ দক্ষিণ চহৰ ছিথাৰ গাঁৱসমূহত অভিযান চলাই থকাৰ সময়তে নৃগোষ্ঠীয় বিদ্ৰোহী গোট পিপলছ ডিফেন্স ফৰ্ছে অতৰ্কিতে আক্ৰমণ চলাই ৪৭ গৰাকীৰ জুণ্টা সেনাক নিহত কৰে। ম্যানমাৰ সেনাই থজি, নাইচাং, নাটমিয়াঙ, চাউং গৱা আৰু হেলোক গাঁৱত কেইবাজনো গাঁওবাসীক চুৰিকঘাত কৰি আহত কৰিছিল তেনে সময়তে পিপলছ ডিফেন্স ফৰ্ছে ভয়াবহ আক্ৰমণ চলাই ৪৭ গৰাকী সেনাক নিহত কৰে।

লগতে পঢ়ক :  ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

উল্লেখযোগ্য যে ম্যানমাৰ সেনাই কিছুদিন আগতে মিজোৰামৰ সীমান্তৰ শ্বিন প্ৰদেশৰ ফালাম আৰু থাঙলাঙ চহৰৰ আবাসিক এলেকাত বোমা বৰ্ষণত প্ৰায় ১৬০ টা ঘৰ ভস্মীভূত হৈছিল। সেনাই দেশখনৰ শাসন নিজৰ হাতলৈ নিয়াৰ পিছৰে পৰা দেশখনত উত্তেজনা পুনৰ বৃদ্ধি হৈছে। বহু লোক ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply