নিউজ ডেস্ক : দেশত আকৌ ভয়াবহ ৰূপ লোৱাৰ দিশে মাৰাত্মক ক’ভিড। এতিয়াও দেশত অব্যাহত আছে ক’ভিডৰ সংহাৰী ৰূপ। ৪০ হাজাৰতকৈ অধিক লোক প্ৰতিদিনে দেশত আক্রান্ত হৈ আছে ক’ভিডত। মৃতকৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি পাই আছে।
দেশত ভেকচিনেশ্যন অব্যাহত থকাৰ মাজতে ক’ভিড মহামাৰীত প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪৭ হাজাৰ ৯২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘন্টাত মৃত্যুৰ মুখত পৰিছে ৫০৯ জন কভিড ৰোগী। যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীৰ লগত যুদ্ধ কৰি সুস্থ হৈ উঠিছে ৩৫ হাজাৰ ১৮১ জন লোক।
লগতে পঢ়ক : হঠাৎ আজি হেৰাই গ’ল “মনমালা”
যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক। সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ১১ হাজাৰ ৪০২ জন অধিক। দেশজুৰি ভেকচিনেশ্যন কাৰ্যসূচী অব্যাহত থকাৰ মাজতে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাৰ বিষয় হৈ পৰিছে।