নিউজ ডেস্কঃ কানাডাৰ অণ্টাৰিঅ’ত সংঘটিত এক পথ দুৰ্ঘটনাত পাঁচজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে। এখন ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হৈছে হৰপ্ৰীত সিং, যশপ্ৰিন্দৰ সিং, কৰণপাল সিং, মোহিত চৌহান, পৱন কুমাৰ নামৰ ভাৰতীয় ছাত্ৰকেইজন। মৃত ছাত্ৰকেইজনৰ বয়স ২১-২৪বছৰৰ ভিতৰত। এই দুৰ্ঘটনাটো দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টে চহৰৰ ৪০১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল। ছাত্ৰকেইজন গ্ৰেটাৰ টৰণ্টো আৰু মণ্ট্ৰিয়েল অঞ্চলৰ বাসিন্দা আছিল। লগতে এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে দুজন আহত হৈছে।
এই শোকাবহ ঘটনা সন্দৰ্ভত কানাডাৰ ভাৰতৰ উচ্চায়ুক্ত অজয় বিছাৰিয়াই “heart-breaking tragedy” বুলি অভিহিত কৰি টুইটযোগে শোক প্ৰকাশ কৰে।
তেওঁ টুইটাৰত কয়, ‘কানাডাত টৰণ্টোৰ ওচৰত সংঘটিত এক শোকবহ দুৰ্ঘটনাত ৫ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে। গুৰুত্বতভাৱে আহত দুজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিহতকেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ”
লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শিক্ষাৰ্থী কেইজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
লগতে পঢ়কঃছত্তিশগড়ৰ নাৰায়ণপুৰত বোমা বিষ্ফোৰণ, নিহত আই টিবিপি জোৱান