নিউজ ডেস্কঃ অৱশেষত দেশবাসীৰ কৌতুহলতাৰ অন্ত পেলাই বৃহস্পতিবাৰে ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ নাম ঘোষণা কৰাৰ পিছতে সিন্দেৰ ফৈদৰ বিধায়কসকলৰ মাজত আনন্দৰ বন্যা বয়। একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই এতিয়া দেশবাসীৰ মনত প্ৰশ্নৰ উদ্ভৱ হৈছে। কাৰণ ঘনে ঘনে সলনি হৈ আছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। দেশৰ সংবাদ মাধ্যমত বৃহস্পতিবাৰৰ ৰাতিপুৱাৰ লৈকে মহাৰাষ্ট্ৰৰ সাম্ভাব্য মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়ানাভিছ আনহাতে উপমুখ্যমন্ত্ৰী একনাথ সিন্দ্ৰেৰ নাম সম্প্ৰচাৰিত হৈ আছিল। কিন্তু বিয়লি ভাগত হঠাৎ দৃশ্যপট সলনি হৈ ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়ানাভিছৰ নাম। কিন্তু কি কাৰণত বিজেপিয়ে একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ পদ এৰি দিলে?

প্ৰথমতে, উদ্ধৱ থাকৰেয়ে বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে মিত্ৰতা ভংগ কৰিছিল আৰু ২০১৯ ৰ বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীপদক লৈ হোৱা বিবাদৰ পিছত এনচিপি-কংগ্ৰেছৰ সৈতে তেওঁ মিত্ৰতা কৰিছিল। তেতিয়াৰ পৰা বিজেপি শিবিৰে থাকৰে পৰিয়ালৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ চেষ্টা চলাই আহিছিল। সেই প্ৰতিশোধ পূৰণ কৰিবলৈ ফাড়ানাভিছৰ হাতত বিকল্প একো উপায় নাছিল। কিয়নো, যদি সিন্দেক যদি মুখ্যমন্ত্ৰী দিয়া নহয় মহাৰাষ্ট্ৰত ‘বিজেপিৰ মিছন’ বিফল হোৱাৰ আশংকা আছিল। কাৰণ ভৱিষ্যতে বিসম্বাদী বিধায়কসকলৰ এটা দল পুনৰ উদ্ধৱ থাকৰেৰ পক্ষ ল’ব পাৰে এই ক্ষেত্ৰত তেওঁ আশংকা কৰিছিল। বালাচাহেবৰ পুত্ৰক শিক্ষা দিবলৈয়ে একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়াৰ সিদ্ধান্ত লৈছিল বিজেপিয়ে।

দ্বিতীয়তে, বহুতে বিশ্বাস কৰে যে মাৰাঠা সম্প্ৰদায়ৰ স্বৰ্গীয় বালাচাহেব প্ৰতি কৰা ‘আবেদনে’ বিজেপিকো ‘ত্যাগ’ কৰিবলৈ বাধ্য কৰিছে। এই ক্ষেত্ৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এক ডাঙৰ ভূমিকা আছে। একনাথ সিন্দেৰ দৰে এজন চৰ্চিত নেতাক মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে বিজেপি মাৰাঠী সকলৰ অসন্তুষ্টিৰ লক্ষ্য নহ’ব লগতে বহিষ্কৃত উদ্ধৱ থাকৰে তেওঁৰ পিতৃৰ নাম লৈ সহানুভূতি দেখুওৱাটো কঠিন হ’ব।

তৃতীয়তে, শেহতীয়াকৈ, বিজেপিয়ে কৰ্ণাটক আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত বিধায়ক ক্ৰয় কৰি ক্ষমতা দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিকভাৱে সংবেদনশীল ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ আসন দখল কৰি ‘ষড়যন্ত্ৰৰ অংশীদাৰ’ হ’ব নিবিচাৰিছিল।

চতুৰ্থতে, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰৰ সমৰ্থনত ২০১৯ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিত পাৱাৰ আছিল উপমুখ্যমন্ত্ৰী। কিন্তু তেওঁ এনচিপি বিধায়িনী দলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছিল যাৰ বাবে ৮০ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব লগা হৈছিল। অজিত পাৱাৰে পুনৰ শাৰদ পাৱাৰৰ শিবিৰত যোগদান কৰিছিল। ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, মুখ্যমন্ত্ৰীৰ আসনৰ বাবে অটল থাকিলে পৰিস্থিতি সলনি হ’ব পাৰে বুলি অনুভৱ কৰি বিজেপিয়ে সিন্দেৰ আগত চৰকাৰ গঠন কৰিবলৈ সন্মত হয়।

পঞ্চমতে, সিন্দেক মুখ্যমন্ত্ৰী ঘোষণা কৰাটো এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰথম পদক্ষেপ বুলি কোৱা হৈছে। মহাৰাষ্ট্ৰৰ দলিত আৰু সংখ্যালঘু ভোটৰ ওপৰত এনচিপি, কংগ্ৰেছ আৰু ৰিপাব্লিকান পাৰ্টিৰ নিয়ন্ত্ৰণ আছে। ইফালে বিজেপি বাহিনীৰ লক্ষ্য পিছপৰা আৰু জনজাতীয়সকলৰ ভোটৰ উপৰিও বালাচাহেবে সৃষ্টি কৰা মাৰাঠা ভোটবেংকৰ ওপৰত। এই ক্ষেত্ৰত সিন্দেক আগত সন্মুখত ৰাখি উদ্ধৱ থাকৰেক ক্ষমতাচ্যুত কৰাটোৱে গেৰুৱা দলৰ মূল লক্ষ্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply