নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও প্ৰতিদিনে ৫০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ইয়াৰ সমান্তৰালে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও চিন্তনীয় বিষয় হৈ আছে দেশৰ বাবে। ইফালে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লগত যুদ্ধ চলি থকাৰ মাজতে নতুন ভেৰিয়েন্ট ডেল্টা প্লাছ তৃতীয়টো ঢৌৰ সম্ভাবনা কঢ়িয়াই আনিছে।
বিগত সময়ছোৱাত দেশত সংহাৰী ৰূপ ধাৰণ কৰি তাণ্ডৱলীলা চলাই আছে ক’ভিডৰ দ্বিতীয়টো ঢৌ। জুন মাহৰ আৰম্ভণিৰ পৰা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰাত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও সংকট সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। এতিয়াও দেশত প্ৰতিদিনে ৫০ হাজাৰৰ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ইয়াৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও নিয়ন্ত্ৰণলৈ অহা নাই।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে বৃহস্পতিবাৰৰ দিনটোত ভাৰত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৫১ হাজাৰ ৬৬৭ জন লোক। আনহাতে বৃহস্পতিবাৰে দেশত মৃত্যুৰ মুখত পৰে ১ হাজাৰ ৩২৯ জন ক’ভিড ৰোগী। বৰ্তমানলৈকে দেশত ক’ভিডত আক্রান্ত হৈ ৩.৯৩ হাজাৰ লোক মৃত্যুৰ মুখত পৰাৰ লগতে ক’ভিডত আক্রান্ত হৈছে ৩.০১ কোটি লোক।
আৰু পঢ়কঃ তেজপুৰত বিদ্যুৎ চুৰিৰ ঘটনা ধৰা পেলোৱা বাবে কাৰ্যালয়ৰ ভিতৰতে আক্ৰমণৰ বলী হ’ল কৰ্মচাৰী
উল্লেখ্য যে দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ৬৪ হাজাৰ ৫২৭ জন লোক ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে। ইফালে দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে কেইবাখনো ৰাজ্যত ক’ভিডৰ নতুন ভেৰিয়েন্ট ডেল্টা প্লাছত কেইবাজনো লোক আক্রান্ত হৈছে। নতুন ভেৰিয়েন্ট ডেল্টা প্লাছ ক’ভিডৰ তৃতীয়টো ঢৌৰ সম্ভাবনা কঢ়িয়াই আনিছে।