নিউজ ডেস্ক : চত্তিশগড়-তেলেংগানা সীমান্তত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৬ গৰাকীকৈ নক্সাল নিহত হয়।
প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৬-৭ বজাৰ ভিতৰত চত্তিশগড়ৰ ৰাজধানী ৰাইপুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বৰ সুকমা জিলাৰ কিষ্টাৰম অঞ্চলত সংঘটিত হৈছিল উক্ত সংঘৰ্ষ।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে তেলেংগানা আৰক্ষীৰ বিশেষ নক্সাল বিৰোধী গ্ৰে’হাউণ্ড ইউনিটৰ সৈতে হোৱা উক্ত সংঘৰ্ষত নিহত ৬ গৰাকী নক্সালৰ ভিতৰত ৪ গৰাকী মহিলা সদস্য আছে।
আজিৰ এই অভিযান আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰি সুকমা জিলাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কয় যে সুকমাত মাওবাদী সকলৰ ৫খন ক্ষেত্ৰ কমিটি সক্ৰিয় হৈ আছে। যোৱা ৬ মাহত নিৰাপত্তা বাহিনীয়ে কেৰলাপল আৰু কোণ্টা ক্ষেত্ৰ কমিটিৰ কাৰ্য্যকলাপ বহুখিনি নিয়ন্ত্ৰণ কৰিব পাৰিছে বুলি তেওঁ কয়।
”এতিয়া যিহেতু কিষ্টাৰম ক্ষেত্ৰ কমিটিখন প্ৰায় ধ্বংস কৰি পেলোৱা হৈছে আমাৰ পৰৱৰ্তী লক্ষ্য হ’ব বাকী দুখন কমিটি – কাটেকল্যাণ আৰু জাগৰগুণ্ডাক নিয়ন্ত্ৰণলৈ অনা,” তেওঁ লগতে কয়।
লগতে পঢ়ক : অসমৰ প্ৰথম মহিলা আৰক্ষী মহাপৰিদৰ্শক হ’ব ভায়’লেট বৰুৱা