নিউজ ডেস্কঃ কৰ্ণাটকৰ শিৱমৌগাত বজৰং দলৰ সদস্যৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে ৬জন অভিযুক্তক। আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে- গ্ৰেপ্তাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ চলি আছে।
উল্লেখ্য যে, বজৰং দলৰ কৰ্মকৰ্তা হৰ্ষৰ হত্যাকাণ্ডৰ পিছদিনাই সংঘটিত হৈছিল হিংসাত্মক ঘটনা। এই ঘটনাৰ সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে, হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে ১২জন লোকক সোধ-পোছ কৰি আছে।
ইফালে, ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই হত্যাকাণ্ড আৰু হিংসাত্মক ঘটনাৰ সৈতে হিজাব বিতৰ্কও জড়িত আছে নেকি এই সকলোবোৰ দিশৰ তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰপাছত কৰ্ণাটক চৰকাৰে সোমবাৰে কয় যে, উক্ত দিনটোলৈ হিজাব বিতৰ্ক আৰু হত্যাকাণ্ডৰ মাজত সম্পৰ্ক থকাৰ কোনো প্ৰমাণ পোৱা নাই।