নিউজ ডেস্ক : বাংলাদেশৰ এটা ৰোহিঙিয়া শৰণাৰ্থী শিবিৰত দুটা ফৈদৰ মাজত সংঘটিত সংঘৰ্ষত ৬জনকৈ লোক নিহত হোৱাৰ লগতে আন ১০জন আহত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে বাংলাদেশৰ কক্স বজাৰত থকা এটা শৰণাৰ্থী শিবিৰত এটা পক্ষই গুলীচালনা কৰাৰ পিছতে উক্ত সংঘৰ্ষৰ সূত্ৰপাত হয়।

ঘটনাস্থলীত ৪ জন লোকে প্ৰাণ হেৰোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজনে চিকিৎসালয়ত মৃ্ত্যুক সাবটি লয়।

সংঘৰ্ষৰ কাৰণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই যদিও ড্ৰাগছৰ অবৈধ ব্যৱসায়ক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি একাংশ স্থানূীয় সংবাদ মাধ্যম প্ৰকাশ পাইছে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে।

২০১৭ চনত ম্যানমাৰত সংখ্যালঘু মুছলমান লোকসকলৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছত দেশখনৰ পৰা পলায়ন কৰা ৭ লাখতকৈ অধিক ৰোহিঙিয়া লোকে বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি আছে।

বৰ্তমান বাংলাদেশত ১০ লাখতকৈ অধিক ৰোহিঙিয়া শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে।

লগতে পঢ়ক :   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,536 other subscribers

Leave a comment

Leave a Reply