নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ কন্নৌজৰ এজনী ৬বছৰীয়া এজনী কণমানিয়ে মূল্যবৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি। চিঠিখনত লিখিছে, ‘প্ৰধানমন্ত্ৰীজী আপুনি বহুত মূল্যবৃদ্ধি কৰিলে। মোৰ পেন্সিল – ৰবৰৰ পৰা মেগী লৈকে দাম বঢ়াই দিলে। স্কুলত বেলেগে মোৰ পেন্সিল চুৰি কৰে। পেন্সিল বিচাৰিলে মোৰ মায়ে মোক মাৰে। মই এতিয়া কি কৰিম?’

কণমানিজনীৰ পিতৃ বিশাল ডুবে চিঠিখনৰ সন্দৰ্ভত কয় যে এইয়া মোৰ ছোৱালীৰ মনৰ কথা। স্কুলত পেন্সিল হেৰোৱাৰ কাৰণে মাকে গালি পাৰিছিল তাইৰ বহুত খং উঠিছিল। 

৬ বছৰীয়া কণমানিজনীৰ নাম কৃতি ডুবে। প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি আছে কৃতিয়ে। কৃতিৰ পিতৃয়ে চিঠিখন প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীয়ে চিঠিৰ কোনো উত্তৰ প্ৰেৰণ কৰা নাই।

ছ’চিয়েল মিডিয়াত অকণমানি কৃতিৰ এই চিঠিখন ভাইৰেল হৈ পৰিছে। এফালে সমগ্ৰ দেশবাসীয়ে মূল্যবৃদ্ধিৰ প্ৰভাৱত ভুগি আছে আনহাতে শিশুটোৰ কোমল মনৰ এই চিঠিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply