নিউজ ডেস্ক : দেশত ক্ষিপ্ৰতাৰে বিয়পিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। দেশৰ ২১ খন ৰাজ্যলৈ বিয়পিছে অ’মিক্ৰন। অ’মিক্ৰনত আক্রান্তৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি পাইছে। কেইখনো ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন বলবৎ।
ভাৰতত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশত ক’ভিডত নতুন ভেৰিয়েন্ট অ’মিক্ৰন। বৰ্তমানলৈকে দেশৰ ২১ খনকৈ ৰাজ্যলৈ বিয়পিছে অ’মিক্ৰন। দেশত অ’মিক্ৰনত আক্রান্তৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি পাইছ। মহাৰাষ্ট্ৰত সৰ্বাধিক ১৬৭ জন লোক আৰু ৰাজধানী দিল্লীত ১৬৫ জন লোক আক্রান্ত হৈছে অ’মিক্ৰনত।
লগতে পঢ়ক : হাটশিঙিমাৰীত সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন
ইফালে দেশত বৰ্তমানলৈকে অ’মিক্ৰনত আক্রান্ত হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৮৬ জন। উত্তৰ পূৱৰ মণিপুৰতো এজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত। ক’ভিড আৰু অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।