নিউজ ডেস্ক: ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত চুমি চহৰত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষৰ্থীসকলক তাৰ পৰা উদ্ধাৰ কৰি বাছেৰে মধ্য ইউক্ৰেইনত স্থিত চহৰ পলটাভা(Poltava)লৈ লৈ যোৱা হৈছে। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰিয়ে এই কথা জানিহবলৈ দিয়ে।

দিল্লীত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয়, ‘যোৱা নিশা মই কনট্ৰল ৰূমৰ সৈতে খবৰ কৰিছিলো, চুমিত ৬৯৪ গৰাকী ভাৰতীয় শিক্ষাৰ্থী ৰৈ গৈছিল। আজি তেওঁলোক বাছেৰে পলটোভালৈ যাত্ৰা কৰিছে।’

জানিব পৰা মতে পলটোভালৈ যাত্ৰা কৰা এইসকল ভাৰতীয় শিক্ষাৰ্থীৰ মাজত অসমৰ কেইবা গৰাকী শিক্ষাৰ্থীয়ো আছে।

উল্লেখযোগ্য যে সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক নিৰাপদে তাৰ পৰা উলিয়াই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ৰাছিয়াই যুদ্ধবিধ্বস্ত চুমিৰ পৰা নাগৰিকসকলক নিৰাপদে উলিয়াই নিয়াৰ বাবে ঘোষণা কৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ ইতিমধ্যে ইউক্ৰেইন চৰকাৰে গ্ৰহণ কৰিছে। পশ্চিম বেলাৰুছত অনুষ্ঠিত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তৃতীয়লানি আলোচনাৰ পিছতে ৰাছিয়াৰ ফালৰ পৰা সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰা হয়।

এই যুদ্ধবিৰতিৰ সময়ছোৱাত চুমিকে ধৰি ইউক্ৰেইনৰ চাৰিখন চহৰৰ পৰা নাগৰিক তথা বিদেশৰ শিক্ষাৰ্থীসকলক নিৰাপদে অন্য স্থানলৈ যাত্ৰা কৰাৰ বাবে ৰাছিয়াই ‘হিউমেনিটেৰিয়ান কৰিডৰ’ মুকলি কৰি দিছে। সেই অনুসৰি আজি নিশা ৯ বজালৈ চুমিৰ পৰা পলটোভালৈ নাগৰিক তথা শিক্ষাৰ্থীসকলৰ যাত্ৰাৰ বাবে কৰিডৰ খোলা থাকিব।

ইউক্ৰেইনত ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ পিছৰ পৰা আজি পৰ্যন্ত দেশখনত থকা ১৭,১০০ গৰাকী ভাৰতীয় নাগৰিক দেশলৈ ওলটি আহিছে।

লগতে পঢ়ক – বৰফাবৃত জংঘলৰ মাজত ভালুকৰ ”ৱৰ্কআউট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply