নিউজ ডেস্কঃ পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাটত কেইটামান বাসগৃহত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৭জনকৈ লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। স্থানীয় আৰক্ষীয়ে সদৰি কৰিছে এই কথা।
তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ হত্যাকাণ্ডৰ পাছতে সংঘটিত হৈছে এই ঘটনা। ইফালে, আৰক্ষীয়ে কয় যে- ৰামপুৰহাটৰ অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহ কেইটাৰ পৰা বৰ্তমানলৈ ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিছে অগ্নিনিৰ্বাপক বাহনীয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে ১০টা মৃতদেহ উদ্ধাৰ হোৱা বুলি সদৰি কৰিছে।