নিউজ ডেস্কঃ ৰাজধানী দিল্লীৰ উত্তৰ-পূব এলেকা গোকুলপুৰীস্থিত বস্তিত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে ৭জনকৈ লোকে। অঞ্চলটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জুই নিৰ্বাপনৰ বাবে উপস্থিত হয় ১৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।

বৰ্তমানলৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ অনা হৈছে যদিও সম্পূৰ্ণৰূপে জুই নিৰ্বাপিত হোৱা নাই। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply