নিউজ ডেস্কঃ লাডাখত ভয়ংকৰ দুৰ্ঘটনা। ঘাইপথৰ পৰা ৫০-৬০ ফুট তলত পৰিল সেনাৰ বাহন। দুৰ্ঘটনাত ৭ জন জোৱানৰ মৃত্যু হৈছে। পুৱা ৯ বজাত লাডাখৰ পাৰ্তাপুৰৰ পৰা সীমান্তত সেনা মোতায়েনৰ বাবে ২৬ জন জোৱান কঢ়িয়াই লৈ গৈছিল বাহনখনে।
সেনা কঢ়িয়াই অনা বাহনখন পুৱা ন বজাত থোইছ (Thoisa) পোৱাৰ ২৫ কিলোমিটাৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয়। ৰাস্তাৰ পৰা ছিটিকি ৫০-৬০ ফুট তলত শ্যোক নদীত পৰি যায় বাহনখন। ঘটনাস্থলীত উদ্ধাৰ চলাই জোৱানকেইজনক পাৰ্তাপুৰ হস্পিতাললৈ লৈ অনা হয়। ইতিমধ্যে ৭ জন জোৱানৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কেইবাজনো জোৱানক বিমানযোগে চণ্ডীগড়ৰ ৱেষ্টাৰ্ণ কমাণ্ড হাস্পতাললৈ লৈ অহা হৈছে। কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃকোনো অনুষ্ঠানত সময়মতে উপস্থিত থকাটো অপৰাধ! পিছে কোনখন দেশত প্ৰচলিত এই প্ৰথা