নিউজ ডেস্কঃ দক্ষিণ চীন সাগৰত মাৰ্কিন সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। নিয়মীয়া অনুশীলনৰ চলাই থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যুঁজাৰু বিমানখন।
সোমবাৰে, এফ-৩৫চি বিমানখন অনুশীলন চলাই থকাৰ সময়তে অৱতৰণৰ সময়তে দক্ষিণ চীন সাগৰত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাতজন মাৰ্কিন সেনা।
ঘটনা সংঘটিত হোৱাৰ লগে লগে মাৰ্কিন সামৰিকবাহিনীৰ হেলিকপ্টাৰে বিমানখনৰ পাইলটসহ বাকী সাতজন সেনাক উদ্ধাৰ কৰে।
এই দুৰ্ঘটনাক লৈ চীনলৈ সন্দেহৰ আঙুলি মাৰ্কিন সেনাৰ। কাৰণ বেইজিঙে দক্ষিণ চীন সাগৰত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সকলো সময়তে প্ৰচেষ্টা চলাইছিল।
আনহাতে,আমেৰিকা যুক্তৰাষ্ট্ৰয়ো নিজৰ স্থিতিত অটল । আমেৰিকা যুক্তৰাষ্ট্ৰই বাৰে বাৰে সামৰিক অনুশীলন কৰি অঞ্চলটোত নিজৰ আধিপত্য বজাই ৰাখিবলৈ চেষ্টা চলাইছিল।