নিউজ ডেস্ক: তামিলনাডুৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ ৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত আজি ক’ভিড পজিটিভ ধৰা পৰে। চেন্নাইৰ সমীপৰ ভেণ্ডেলুৰ নগৰত থকা মহাবিদ্যালয়খনৰ ৩,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ক’ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু ইয়াৰে ৭৪ গৰাকীৰ পজিটিভ ধৰা পৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম India Today-ৰ এক বাতৰি অনুসৰি আক্ৰান্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ ভিতৰত আছুতীয়াকৈ ৰখা হৈছে।
উল্লেখযোগ্য যে অলপতে তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত মে’ মাহত দ্বিতীয়বাৰৰ বাবে এখন মহাবিদ্যালয়ত এইদৰে ইমান সংখ্যক ছাত্ৰ-ছাত্ৰী ক’ভিডত আক্ৰান্ত হয়।
যোৱা এপ্ৰিলত আই আই টি মাদ্ৰাছৰ কেম্পাছত থকা একাধিক ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পজিটিভ ধৰা পৰিছিল। তামিলনাডুৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি ৰাজ্যখনত ক’ভিডত হোৱা লোকৰ সংখ্যা ৩৪,৫৫,২৮৭ গৰাকীলৈ বৃদ্ধি পাইছে।
লগতে পঢ়ক – পেট্ৰ’ল ডিলাৰ্ছ এছচিয়েশ্যনৰ দিনজোৰা ধৰ্মঘট