নিউজ ডেস্ক– ৰাজস্থানৰ বিকানেৰৰ হিম্মাতাছাৰ গাঁৱত সংঘটিত হয় হৃদয়বিদাৰক ঘটনা।
খেলি থকা অৱস্থাতে মৃত্যু হয় একেলগে পাচঁটাকৈ শিশু।
শিশুকেইটাই এটা শষ্য সংৰক্ষণ কৰা পাত্ৰত প্ৰৱেশ কৰে আৰু তাতেই উশাহ বন্ধ হৈ মৃত্যুমুখত পৰে।
আৰক্ষীৰ মতে, পাত্ৰটো প্ৰায় খালী হৈ আছিল আৰু শিশুকেইটাই খেলি থাকোঁতে এটাৰ পিছত এটাকৈ পাত্ৰটোত জপিয়াই পৰিছিল। পাত্ৰটো দুৰ্ঘটনাক্ৰমে বন্ধ হৈ গৈছিল আৰু শিশুকেইটা পাত্ৰটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে।
শিশুকেইটাৰ মাতৃয়ে শিশুকেইটাক দেখা নাপাই কাষতে থকা পাত্ৰটো খুলি চাই শিশুকেইটাক ভিতৰত আৱদ্ধ হৈ থকা দেখা পায়।
শিশুকেইটাক লগে লগে উদ্ধাৰ কৰি ততাতৈয়াকৈ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাণ ৰক্ষা নপৰিল শিশুকেইটাৰ। চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
মৃত শিশুকেইটা কেইটা হৈছে সেৱাৰাম (৪), ৰবীনা (৭), ৰাধা (৫), পুনাম (৮) আৰু মালিক।
আনহাতে, আন এটি ঘটনা সংঘটিত হয় ৰাজস্থানৰ ঝুনঝুন জিলাত।
খেলি থকা অৱস্থাতে মাটিৰ স্তুপ খহি মৃত্যু হয় তিনিটা শিশুৰ আৰু আহত হয় এটা শিশু।
নিহত শিশু কেইটা প্ৰিন্স(৭) আৰু সুৰেশ (৭)আৰু চোনা (১০) বুলি চিনাক্ত কৰা হৈছে।
আহত শিশুটো হস্পিতালত চিকিৎসাধীন হৈ আছে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শিশুকেইটাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি শিশুকেইটাৰ আত্মাৰ সদগতি কামনা কৰে।
লগতে আহত শিশুটোৰো দ্ৰুত আৰোগ্য কামনা কৰে।