নিউজ ডেস্কঃ কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কেবাজনো লোক নিহত আৰু আহত হৈছে। দৰাচলতে, ৰাজ্যখনৰ তুমকুৰত আজি সংঘটিত হয় এই দুৰ্ঘটনা। তুমকুৰৰ পাৱাগড়াত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে।
এই দুৰ্ঘটনাত ৮জন লোক নিহত হয়। তদুপৰি আন ২০জন লোক গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজন লোকক ভৰ্তি কৰা হৈছে হাস্পতালত। জানিব পৰা মতে, যাত্ৰীবাহী বাছখনত আছিল প্ৰায় ৬০ গৰাকী যাত্ৰী।
ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। আৰক্ষী আৰু স্থানীয় ৰাইজে মিলি বাছত আৱদ্ধ হৈ থকা আনসকল লোকক উদ্ধাৰ কৰে।