নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ ছুনামি। প্ৰতিদিনে দেশত লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। দেশজুৰি সৃষ্টি হোৱা এই ভয়াবহ পৰিস্থিতিৰ সময়ছোৱাত ক’ভিড আক্রান্ত ৰোগী সকলৰ একমাত্ৰ ভৰসা হৈছে চিকিৎসক সকল। ক’ভিড যুদ্ধৰ সন্মুখৰ শৰীৰ এই যোদ্ধা সকলৰ ভিতৰত বহু যোদ্ধাই ইতিমধ্যে এই যুদ্ধত নিজৰ প্ৰাণ হেৰুৱাইছে। এইবাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ৮০ জনকৈ চিকিৎসক আক্রান্ত হৈছে ক’ভিডত।
দেশৰ ৰাজধানী দিল্লীত ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা আহিছে এক উদ্বেগজনক খবৰ। দিল্লীৰ সৰোজ হাস্পতালত সোমবাৰে পুৱা ক’ভিডৰ বিস্ফোৰণ ঘটে। হাস্পতালখনৰ ৮০ জনকৈ চিকিৎসকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগতে এজন চিকিৎসক ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা বুলি জানিব পৰা গৈছে।
চিকিৎসালয়খনৰ ক’ভিডত আক্রান্ত ১২ জন চিকিৎসকক চিকিৎসলায়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকাৰ লগতে অন্যান্য সকলো চিকিৎসকক হোম কোৱাৰাণ্টাইত ৰখা হৈছে। ইতিমধ্যে সৰোজ হাস্পতালৰ অ পি ডি সেৱা বন্ধ কৰি দিয়া হৈছে। ক’ভিড মহামাৰীৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে দিল্লীৰ এখন চিকিৎসালয়ৰ ৮০ জনকৈ চিকিৎসক ক’ভিডত আক্রান্ত হোৱাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে।